ধুবুৰী , ২১ জানুৱাৰী :বগৰী খেতিৰে স্বাৱলম্বী হোৱাৰ অন্য়তম নিদৰ্শন দাঙি ধৰিছে ধুবুৰীৰ এজন শিক্ষকে । শিক্ষকতাৰ উপৰিও বগৰী খেতিৰে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে প্ৰয়াস কৰিছে ধুবুৰীৰ কালাহাট গাওঁৰ নিবাসী জয়ন্ত কুমাৰ ৰায়ে । জয়ন্ত কুমাৰ ৰায় নামৰ শিক্ষকজনে প্ৰায় দুবিঘা মাটিত বাহিৰৰ তিনিটা প্ৰজাতিৰ বগৰী খেতি কৰি এক প্ৰকাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । আচলতে এনেধৰণৰ বাহিৰা প্ৰজাতিৰ বগৰী খেতি কৰিও যে লাভৱান হ'ব পৰা যায় তাকেই যেন প্ৰমাণ কৰি দেখুৱালে জয়ন্ত কুমাৰ ৰায়ে ।
শিক্ষকতাৰ উপৰিও তেখেতে আজৰি সময়ত এনেদৰে ঘৰুৱা কামত ব্যস্ত থাকি ভাল পায় । যাৰ বাবে তেওঁ বাহিৰা প্ৰজাতিৰ বগৰীৰ খেতি কৰিবলৈ আৰম্ভ কৰে । শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক উদ্দেশ্যি শিক্ষক গৰাকীয়ে কয় যে চৰকাৰী চাকৰিলৈ ৰৈ নাথাকি এনেকুৱা বাহিৰৰ প্ৰজাতিৰ বগৰী খেতি বা আন কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব পৰা যায় ।