ধুবুৰী , 9 জুলাইঃমহামাৰী কৰ'ণা আৰু দীঘলীয়া লক ডাউনে বিধ্বস্ত কৰিছে জনজীৱন। দেশ তথা ৰাজ্যখনত অতি ভয়াৱহভাবে বৃদ্ধি পাইছে কোভিড ১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা । সেই হেতুকে ৰাজ্যখনত পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হৈছে লক-ডাউন । ইপিনে কৰ'ণাতঙ্কৰ বাবে বন্ধ হৈ পৰিছে বিদ্যালয়, মহাবিদ্যালয়কে ধৰি প্ৰতিটো শিক্ষানুষ্ঠান । দীঘলীয়া লক ডাউনৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল সমূহৰ মাজত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । জীয়াই থকাৰ মানসিকতাৰে একাংশই সলনি কৰিছে নিজৰ কৰ্মৰাজি । ইয়াৰ এক জীৱন্ত উদাহৰণ ধুবুৰীৰ জামাল উদ্দীন ৷
ধুবুৰীৰ অলিয়ে-গলিয়ে, বাটে-পথে মাস্ক বিক্ৰি কৰি ফুৰিছে জামাল উদ্দিনে ৷ নিজে প্ৰস্তুত কৰা মাস্ক বিক্ৰি কৰিয়ে জীৱন সংগ্ৰাম চলাই গৈছে জামালে ৷ সাম্প্ৰতিক পৰিস্থিতিয়ে জামালক এজন মাস্ক বিক্ৰেতা ৰূপে চিনাকী দিলেও দৰাচলতে ধুবুৰী জিলাৰ ভাৰত বাংলা সীমান্তৱৰ্তী মন্ত্ৰীৰচৰ বলদিয়াৰ আলগা এম ই মাদ্ৰাছাৰ সহকাৰী শিক্ষক জামাল উদ্দিন ৷
লগতে পঢ়কঃপাইপলাইনৰ কাম নিৰীক্ষণৰ বাবে ড্ৰ'ণ ব্যৱহাৰ কৰিব ইণ্ডিয়ান অইলে
এজন শিক্ষকে কাগজ কলম এৰি বাটে-পথে মাস্ক বিক্ৰি কৰি ফুৰাৰ আঁৰৰ কাহিনিও অতি দুখজনক ৷ ১৯৮৬ চনত স্থাপিত হৈছিল ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ মন্ত্ৰীৰচৰ বলদিয়াৰ আলগা এম ই মাদ্ৰাছাখন ৷ পৰৱৰ্তী ২০০৫ চনত মাদ্ৰাছাখন চৰকাৰৰ পঞ্জীয়নভূক্ত হয় । মাদ্ৰাছাখনত ২৬৭ গৰাকী ছাত্ৰ ছাত্ৰী আছে যদিওঁ আজিলৈকে বিদ্যালয়খন চৰকাৰীকৰণ নহ'ল । লক ডাউনৰ আগলৈ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আহি আছিল যদিও লক ডাউনৰ লগে-লগে বিদ্যালয় বন্ধ হৈ যোৱাৰ ফলত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় সহকাৰী শিক্ষক জামাল উদ্দিনকে ধৰি সাত গৰাকী কৰ্মচাৰীয়ে ।
জামাল উদ্দিনৰ জীৱন সংগ্ৰাম ছয় জনীয়া পৰিয়ালটোক ভৰণ-পোষণ দিবলৈ পত্নীৰ সহায়ত মাস্ক বিক্ৰী কৰা আৰম্ভ কৰে জামাল উদ্দিনে ৷ মাস্ক বিক্ৰীৰে জীৱন সংগ্ৰাম চলাই গৈছে জামালে ৷ কিন্তু স্বামীয়ে এনেদৰে বাটে-পথে মাস্ক বিক্ৰি কৰিবলগীয়া হোৱাত মৰ্মাহত হৈছে জামালৰ পত্নী ৷ ইফালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ছাৰ সম্বোধনেৰে জামালৰ পৰা মাস্ক কিনিবলৈ আহিলে সেই সময়ত কিছু অপ্ৰস্তুত হৈ পৰে জামাল উদ্দিন ৷ কিন্তু উপায়বিহীন পৰিয়ালটো ৷
সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত একাংশই সলনি কৰিবলগীয়া নিজৰ জীৱন সংগ্ৰামৰ পন্থা ৷ বিভিন্ন পথ অৱলম্বন কৰি পৰিয়াল পোহ-পাল দিছে জামাল উদ্দিনৰ দৰে বহুজনে ৷ বহু শিক্ষকে এইদৰে চলাই যাবলগীয়া হৈছে জীৱন সংগ্ৰাম । কিন্তু ক্ষণস্থায়ী অনুভৱে সলনি কৰিব পৰা নাই জামালৰ মনোবৃত্তি ৷ প্ৰতিদিনে ওলাই গৈ ৰাইজৰ মাজত মাস্ক বিক্ৰি কৰি সজাগতা আনিছে জামালে ৷