ধুবুৰী,5 ফেব্ৰুৱাৰী : সুদীৰ্ঘ সময় বিনা বেতনে শিক্ষকতা কৰা ৰাজ্যৰ বহু শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে বিদ্যালয়সমূহ প্ৰাদেশীকৰণ হোৱাত সকলোৰে পৰিয়ালত এতিয়া আনন্দৰ জোঁৱাৰ উঠিছে ৷ কিন্তু বিষাদেৰে ভৰি পৰিছে সোণালী বাইদেউৰ বাসগৃহ ৷ চাকৰি নিয়মীয়াকৰণ হ’ল যদিও সোণালী বাইদেউ যে ইহ সংসাৰত নাই ৷
ধুবুৰী জিলাৰ আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত তামাৰহাটৰ মধ্যপেটলা গাঁৱত শিক্ষাৰ পোহৰ বিলাবলৈ 1990 চনত সোণালী মালী আৰু প্ৰভাৱতী ৰায়ে মধ্যপেটলা অনুসূচিত জাতি প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল ৷ সুদীৰ্ঘ দিন ধৰি বিনা বেতনে বিদ্যালয়খনত পাঠদান কৰি আছিল শিক্ষিয়িত্ৰীগৰাকীয়ে ৷