অসম

assam

ETV Bharat / state

34 বছৰ বিনা বেতনে শিক্ষকতা কৰা সদ্য নিযুক্ত এজন শিক্ষকৰ বিয়োগ - হজৰত আলী

ধুবুৰীৰ এম মাদ্ৰাছাৰ প্ৰধান শিক্ষক হজৰত আলীৰ মৃত্যু ৷ 34 টা বছৰ বিনা বেতনে শিক্ষকতা কৰি অৱশেষত এক সপ্তাহ পূৰ্বে নিযুক্তি পত্ৰ পাই শিক্ষকৰ মৰ্যাদা লাভ কৰিছিল যদিও সেই সুখ ভোগ কৰিব নাপালে শিক্ষক গৰাকীয়ে ৷ দীৰ্ঘদিন ধৰি মধুমেহ আৰু উচ্চ ৰক্ত চাপত ভুগি আছিল শিক্ষক হজৰত আলী ৷

teacher-death
শিক্ষকৰ মৃত্যু

By

Published : Feb 12, 2021, 10:47 PM IST

ধুবুৰী,12 ফেব্ৰুৱাৰী : ধুবুৰীৰ চৰ ভাষানী গাঁৱৰ বাসিন্দা তথা মহম্মদীয়া এম মাদ্ৰাছাৰ প্ৰধান শিক্ষক হজৰত আলীৰ বাসগৃহত উঠিছে কান্দোনৰ ৰোল ৷ চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি লোৱা শিক্ষক গৰাকীৰ চৰকাৰী দৰমহাৰ ধনেৰে এসাজ খাবলৈ সৌভাগ্য নহ’ল ।

34 বছৰ বিনা বেতনে শিক্ষকতা কৰা সদ্য নিযুক্ত এজন শিক্ষকৰ বিয়োগ

সুদীৰ্ঘ 34 টা বছৰ বিনা বেতনে শিক্ষকতা কৰি অৱশেষত এক সপ্তাহ পূৰ্বে নিযুক্তি পত্ৰ পাই শিক্ষকৰ মৰ্যাদা লাভ কৰিছিল ধুবুৰীৰ এগৰাকী শিক্ষকে । 52 বছৰ বয়সত নিযুক্তি পত্ৰ লাভ কৰা শিক্ষক হজৰত আলীয়ে বৃহস্পতিবাৰে শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ পৰে । নিশাৰ ভাগত তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও মাজনিশা 2 বজাত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষক গৰাকীয়ে ৷

প্ৰথম দৰমহা পোৱাৰ পূৰ্বেই অৰ্থাৎ নিযুক্তি লাভৰ এক সপ্তাহ পাচতেই পৃথিৱীৰ পৰা চিৰবিদায় ল’লে শিক্ষক গৰাকীয়ে । দীৰ্ঘদিন ধৰি মধুমেহ আৰু উচ্চ ৰক্ত চাপত ভোগাৰ পাচত উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হয় শিক্ষক হজৰত আলীৰ ৷

লগতে পঢ়ক :মৈৰাবাৰীত ড্ৰাগছ সহ এজন গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details