অসম

assam

ETV Bharat / state

ঋণৰ বোজা সহিব নোৱাৰি গোলকগঞ্জত শিক্ষকৰ আত্মহত্যা - Teacher commits suicide in Golakganj without bearing debt burden

১৯৯৩ চনতে স্থাপন হোৱা জিনকাটাৰ জগমোহন এম ই স্কুলত শিক্ষকতা কৰা এগৰাকী শিক্ষকৰ আত্মহত্যা ৷ নিযুক্তিৰ পৰা বঞ্চিত যতীন ভকত নামৰ শিক্ষক গৰাকীয়ে ঋণৰ বোজা সহিব নোৱাৰি শনিবাৰে নিশা চিপ লৈ আত্মহত্যা কৰে ৷

ঋণৰ বোজা সহিব নোৱাৰি গোলকগঞ্জত শিক্ষকৰ আত্মহত্যা
ঋণৰ বোজা সহিব নোৱাৰি গোলকগঞ্জত শিক্ষকৰ আত্মহত্যা

By

Published : Mar 28, 2021, 6:54 PM IST

ধুবুৰী,28 মাৰ্চ: গোলকগঞ্জৰ জিনকাটাত এগৰাকী শিক্ষকৰ আত্মহত্যা ৷ নিযুক্তি পৰা বঞ্চিত যতীন ভকত নামৰ শিক্ষক গৰাকীয়ে ঋণৰ বোজা সহিব নোৱাৰি শনিবাৰে নিশা চিপ লৈ আত্মহত্যা কৰে ৷ ১৯৯৩ চনতে স্থাপন হোৱা জিনকাটাৰ জগমোহন এম ই স্কুলত শিক্ষকতা কৰা শিক্ষক গৰাকীয়ে নিজ পৰিয়ালৰ লগতে বৃদ্ধ পিতৃ-মাতৃক পোহপাল দিয়াত অসমৰ্থ হৈ পৰে ৷ দীৰ্ঘদিনে চাকৰি নিয়মীয়া নোহোৱাত হতাশত ভোগা শিক্ষক গৰাকীয়ে নিজ চোতালতে চিপলৈ আত্মহত্যা কৰে ৷

ঋণৰ বোজা সহিব নোৱাৰি গোলকগঞ্জত শিক্ষকৰ আত্মহত্যা

ৰাতিপুৱা মৃত শিক্ষক গৰাকীক স্থানীয় লোকৰ সহযোগত হালাকুৰা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে ৷ শিক্ষক গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী কনমানিৰ সৈতে বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ যায় ৷ শিক্ষক গৰাকীৰ আত্মহত্যাৰ খবৰে স্তম্ভিত কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক ৷ উল্লেখ্য যে, স্থানীয় লোকে পৰিয়ালটোক আৰ্থিক অনুদান আগবঢ়াবলৈ চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক:ছয়গাঁৱত নিৰ্বাচনী কাৰ্যালয় মুকলি ৰেকিবুদ্দিন আহমেদৰ

ABOUT THE AUTHOR

...view details