অসম

assam

By

Published : Jan 5, 2023, 5:33 PM IST

ETV Bharat / state

School teacher arrested in Dhubri : শিক্ষাৰ্থীক মাৰপিট কৰি ৰঙাঘৰত বাইদেউ

ধুবুৰীৰ ১৭১৩ নং তিস্তাৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠাত কান্দোনৰ ৰোল । কিয়নো হাতত কিতাপ-পেঞ্চিলৰ পৰিৱৰ্তে লাঠী লৈ সদায় শ্ৰেণীকোঠাত প্ৰৱেশ কৰে এগৰাকী শিক্ষয়িত্ৰীয়ে । শিক্ষয়িত্ৰীৰ লাঠীৰ কোবত আঘাতপ্ৰাপ্ত ২৭ গৰাকী শিক্ষাৰ্থী । আনকি অভিভাৱকৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ আলহী হ’ল অভিযুক্ত শিক্ষয়িত্ৰী কৰবী সৰকাৰ (School teacher arrested in Dhubri) ।

School teacher arrested in Dhubri
শিক্ষাৰ্থীৰ বাবে ত্ৰাসৰ কাৰণ এগৰাকী শিক্ষয়িত্ৰীগৰাকী

শিক্ষাৰ্থীৰ বাবে ত্ৰাসৰ কাৰণ এগৰাকী শিক্ষয়িত্ৰীগৰাকী

ধুবুৰী, 5 জানুৱাৰী :ধুবুৰীৰ এখন চৰকাৰী বিদ্যালয় ৷ পাঠ্যক্ৰমৰ পৰিৱৰ্তে বিদ্যালয়খনত উঠিছে কান্দোনৰ ৰোল ৷ এগৰাকী শিক্ষয়িত্ৰীৰ বাবে বিদ্যালয়খনত সৃষ্টি হৈছে এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ আনকি কণ কণ শিক্ষাৰ্থীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে এই শিক্ষয়িত্ৰীগৰাকী ৷ অভিযুক্ত শিক্ষয়ত্ৰীগৰাকীৰ নাম কৰবী সৰকাৰ ।

অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ধুবুৰীৰ ১৭১৩ নং তিস্তাৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ কৰবী সৰকাৰ নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কণ কণ শিক্ষাৰ্থীক সামান্য কথাতে মাৰপিট কৰে (Teacher beating up students in Dhubri) ৷ অইন দিনাৰ দৰে বুধবাৰেও সামান্য কথাতে কেবাগৰাকীও শিক্ষাৰ্থীক প্ৰহাৰ কৰে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে ৷

অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে শিক্ষাৰ্থীক প্ৰহাৰ কৰাৰ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে সাংবাদিকৰ গোপন কেমেৰাত ৷ জানিব পৰা মতে, অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীৰ প্ৰহাৰত প্ৰায় ২৭ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইফালে শিক্ষয়িত্ৰীগৰাকীৰ এই কাণ্ডত ক্ষোভিত হৈ পৰিছে এতিয়া অভিভাৱকসকল ৷

উপায়ন্তৰ হৈ অভিভাৱকৰ লগতে স্থানীয় ৰাইজে বুধবাৰে শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়তে বন্দী কৰি ৰাখে ৷ ফলত বিদ্যালয়খনত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ইফালে এই খবৰ লাভ কৰিয়েই বিদ্যালয়খনত উপস্থিত হয় ধুবুৰী আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে বিদ্যালয়খনৰ পৰা উদ্ধাৰ কৰে শিক্ষয়িত্ৰীগৰাকীক ৷

লগতে পঢ়ক :Assam woman in Pakistan Jail: পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা বেগম

আনহাতে, বুধবাৰে নিশা সমগ্ৰ ঘটনা সন্দৰ্ভত অভিভাৱকসকলে ধুবুৰী আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই বুধবাৰে নিশা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীক (School teacher arrested in Dhubri) ৷ আনকি, এই ঘটনাৰ বিষয়ে জানিব পাৰি বৃহস্পতিবাৰে বিদ্যায়খনত উপস্থিত হয় খণ্ড প্ৰাৰ্থমিক শিক্ষা বিষয়া ৷ খণ্ড প্ৰাৰ্থমিক শিক্ষা বিষয়াগৰাকীয়ে সমগ্ৰ ঘটনাৰ তন্ন তন্নকৈ পৰীক্ষা কৰে ৷

জানিব পৰা মতে, অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে কমকৈ বিদ্যালয়ত উপস্থিত থাকে ৷ কিন্তু হাজিৰা বহিত প্ৰতিদিনৰেই চহী থাকে ৷ অভিযোগ অনুসৰি, শিক্ষয়িত্ৰীগৰাকীয়ে আগতীয়াকৈ হাজিৰা বহীত চহী কৰি থৈ যায় ৷ এই কথা শিক্ষা বিষয়াই জানিব পৰা বুলি অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে হাজিৰা বহি ফালি পেলায় ৷

খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ পৰীক্ষা কৰাৰ লগতে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰে ৷ ইফালে শিক্ষয়িত্ৰীগৰাকীক মানসিক ৰোগী বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :Patients deprived of medical care: নলবাৰীত যাতায়তৰ অভাৱত কান্ধত ভাৰ বান্ধি নিলে ৰোগীক নিলে চিকিৎসালয়লৈ

ABOUT THE AUTHOR

...view details