অসম

assam

ETV Bharat / state

টাপেশ্বৰা গাঁও পঞ্চায়তত চেনিটাইজেচনৰ নামত ভেকো-ভাওনা

বজাৰ এলেকা চেনিটাইজ কৰাৰ নামত ভেকো-ভাওনা কৰাৰ অভিযোগ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৷ চেনিটাইজাৰৰ নামত কেৱল পানীহে স্প্ৰে কৰা বুলি অভিযোগ উত্থাপন ৰাইজৰ ।

By

Published : May 21, 2021, 8:33 PM IST

tapeswara_gp_problemetic_sanitization
চেনিটাইজেচনৰ কৰাৰ নামত ভেকোভাওঁনা টাপেশ্বৰা গাঁও পঞ্চায়তৰ

জনিয়া,21 মে’:জনিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়তৰ এলেকাধীন বজাৰ সমূহত চেনিটাইজ কৰাৰ নামত উত্থাপন হৈছে ভেকো-ভাওনাৰ অভিযোগ । লক্ষণীয়ভাৱে টাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনৰ দায়িত্বত থকা পঞ্চায়তৰ অন্তৰ্গত বজাৰসমূহ চেনিটাইজ কৰাৰ কাম হাতত লয় ৷ কিন্তু চেনিটাইজাৰৰ নামত কেৱল পানীহে স্প্ৰে কৰা হৈছে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

টাপেশ্বৰা গাঁও পঞ্চায়তত চেনিটাইজেচনৰ নামত ভেকো-ভাওনা

যি সময়ত কলগাছিয়া অঞ্চলত কৰ'ণা আক্ৰান্তৰ মৃত্যুৱে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে, সেই সময়তে টাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুন আৰু পঞ্চায়ত সচিব জানি আলমৰ কৰ্ম-কাণ্ডই অঞ্চলটোৰ সচেতন মহলক চিন্তিত কৰি তুলিছে । ৰাইজৰ মুখামুখি হোৱাৰ সৎ সাহস হেৰুৱাই বজাৰসমূহ চেনিটাইজ কৰাৰ সময়চোৱাত পঞ্চায়ত সভানেত্ৰী ৰেহেনা খাতুনৰ লগতে পঞ্চায়তৰ সচিব গৰাকী অনুপস্থিত থাকে ।

ইপিনে, চেনিটাইজ কৰাৰ দায়িত্বত থকা লোকজনে অজ্ঞাত অৱস্থাত আছিল যে পানীৰ লগত আচলতে কি মিহলি কৰি চেনিটাইজ কৰাৰ কাম চলি আছে । এতিয়া ৰাইজৰ মনত সন্দেহৰ সৃষ্টি হৈছে যে, অঞ্চলটো চেনিটাইজ কৰাৰ বাবে চৰকাৰে ধাৰ্য কৰা ধন সভানেত্ৰী ৰেহেনা খাতুন আৰু সচিব জানি আলমে মিলি আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷

লগতে পঢ়ক :কৃষকলৈ দুৰাৱস্থা মাতিছে ক’ভিডৰ নতুন নিৰ্দেশনাই

ABOUT THE AUTHOR

...view details