অসম

assam

ETV Bharat / state

ধুবুৰীত বিদ্যালয়সমূহলৈ টেবলেট বিতৰণ - হেচেল্ফি ফাউণ্ডেচন

নৱ প্ৰজন্মৡ শিক্ষাৰ্থী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। এশ খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক লৈ ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত গুৰুত্বপূৰ্ণ সভা। ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাৰ মুঠ এশ খন বিদ্যালয়ত দিয়া হৈছে বিশেষ টেবলেট।

হেচেল্ফি ফাউণ্ডেচনৰ ধুবুৰীত বিদ্যালয়সমূহলৈ টেবলেট বিতৰণ

By

Published : Sep 7, 2019, 9:40 AM IST

ধুবুৰী,7চেপ্তেম্বৰ: ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ অধীনত হেচেল্ফি ফাউণ্ডেচনৰ সহযোগিতাত আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে ধুবুৰী জিলাৰ মুঠ এশ খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ৷ উক্ত সভাত প্ৰতিখন বিদ্যালয়লৈ এটাকৈ টেবলেট বিতৰণ কৰা হয় ৷ উক্ত সভাখনত টেবলেটটোৰ বিশেষত্ব সম্পৰ্কে বিতংকৈ বুজাই দিয়ে হেচেল্ফি ফাউণ্ডেচনৰ লগতে আই চি পি এছৰ দায়িত্বত থকা বিষয়া সকলে ৷ উল্লেখযোগ্য যে, ২০৩০ চনক লক্ষ্য কৰি লৈ ৰাজ্যৰ নৱ প্ৰজন্ম শিক্ষাৰ্থী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যেই এই টেবলেট বিতৰণ পদক্ষেপ হাতত লৈছে হেচেল্ফি ফাউণ্ডেচনে ৷

হেচেল্ফি ফাউণ্ডেচনৰ ধুবুৰীত বিদ্যালয়সমূহলৈ টেবলেট বিতৰণ

লগতে ইয়াৰ জৰিয়তে দেশৰ অন্য প্ৰান্তৰ শিক্ষাৰ্থী সকলৰ সৈতে সমানে মোকাবিলা কৰিবলৈ আৰু শিক্ষাৰ্থীসকলক এইক্ষেত্ৰত আগুৱাই নিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে ৷

ABOUT THE AUTHOR

...view details