ধুবুৰী, ২২ ছেপ্টেম্বৰ:গো-সুৰক্ষা আইন প্ৰৱৰ্তনেৰে ৰাজ্যত গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ চৰকাৰে চেষ্টা চলাই আহিছে যদিও বৰ্তমানেও এই চেষ্টা ফলৱৰ্তী হৈ উঠা নাই ৷ কিয়নো একাংশ সৰবৰাহকাৰীয়ে প্ৰতিদিনেই বিভিন্ন কৌশল অৱলম্বন কৰি গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে ৷ গৰুৰ এই চোৰাং বেহাৰ অন্যতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ভাৰত-বাংলা সীমান্ত ।
ভাৰত-বাংলাদেশ সীমান্তৰে বৰ্তমানেও চলি আছে গৰুৰ চোৰাং বেহা । এইবাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত বি এছ এফৰ গুলীত নিহত হৈছে চোৰাং গৰু সৰবৰাহকাৰী । নিহত চোৰাং গৰু সৰবৰাহকাৰীটো কানাইমাৰা গাঁৱৰ শ্বাহজাহান শ্বেখৰ পুত্ৰ মিন্টু শ্বেখ বুলি জানিব পৰা গৈছে ।
তথ্য অনুসৰি চোৰাং গৰু সৰবৰাহকাৰীৰ দল এটাই নিশাৰ এন্ধাৰৰ সুযোগত কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ লিভাৰেৰে বাংলাদেশলৈ চোৰাংকৈ গৰু চালান দি আছিল । কৰ্তব্যৰত বি এছ এফ জোৱানে বাধা দিয়াৰ পিচতো গৰুৰ চোৰাং সৰবৰাহকাৰীৰ দলটোৱে গৰু চালান দিবলৈ লোৱাত বি এছ এফে দলটো লৈ গুলীচালনা কৰে । বি এছ এফৰ গুলিত গুলীবিদ্ধ হয় মিন্টু শ্বেখ নামৰ সৰবৰাহকাৰীটো ।