অসম

assam

ETV Bharat / state

বদৰুদ্দিন আজমলক ক্ষমা প্ৰাৰ্থনা শুকুৰ আলীৰ - assam news

2019 চনৰ চাৰি নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰে ধুবুৰীস্থিত দীপাঞ্জলি ৰেষ্টুৰেণ্টত ।  কিন্তু সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে শুকুৰ আলী লোৱা নাছিল ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ অনুমতি । ফলত ক্ষুব্ধ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই জবাবদিহি কৰিলে শুকুৰ আলীক ৷

বদৰুদ্দিন আজমলক ক্ষমা প্ৰাৰ্থনা শুকুৰ আলীৰ

By

Published : Apr 26, 2019, 9:35 PM IST

ধুবুৰী, 26 এপ্ৰিলঃ ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীৰ সংবাদমেলত অথন্তৰ ৷ বিনা অনুমতিত ৰেষ্টুৰেণ্টত সংবাদমেল অনুষ্ঠিত কৰি বিপদত শুকুৰ আলী ৷ সংবাদমেলত আজমলৰ পৰা ক্ষমা বিচাৰিলে শুকুৰ আলীয়ে । উল্লেখ্য যে, 2019 চনৰ চাৰি নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰে ধুবুৰীস্থিত দীপাঞ্জলি ৰেষ্টুৰেণ্টত । কিন্তু সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে শুকুৰ আলী লোৱা নাছিল ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ অনুমতি । ফলত ক্ষুব্ধ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই জবাবদিহি কৰিলে শুকুৰ আলীক । যাৰ বাবে এটা সময়ত বিপাঙত পৰা শুকুৰ আলী ৰেষ্টুৰেণ্টৰ পৰা উঠি যাবলৈ বাধ্য হয় ।

বদৰুদ্দিন আজমলক ক্ষমা প্ৰাৰ্থনা শুকুৰ আলীৰ

আৰু পঢ়ক: আপোনাৰ সহায়ে হাঁহি আনি দিব পূজাৰ জীৱনলৈ

আনহাতে, সংবাদমেলত সাংসদ বদৰুদ্দিন আজমলক ক্ষমা খুজিলে প্ৰাৰ্থী গৰাকীয়ে ৷ দৰাচলতে, নিৰ্বাচনৰ সময়ত নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে বিভিন্ন সভা সমিতিত বদৰুদ্দিন আজমলক সমালোচনা কৰিছিল । আনকি লাফিকুল হত্যাকাণ্ডৰ সৈতে আজমল জড়িত থকা বুলি এক চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰিছিল শুকুৰ আলীয়ে । কিন্তু এতিয়া নিজৰ ভুল অনুভৱ কৰিছে শুকুৰ আলীয়ে । নিৰ্বাচনৰ সময়ত সঁচা মিছা ভাষণ প্ৰদান কৰি ৰাইজৰ মন জয় কৰা ৰাজনৈতিক নেতাৰ বাবে নতুন কথা নহয় । যাৰ বাবে ৰাজনৈতিক জীৱনত ভৰি দিয়েই সঁচা মিছা ভাষণ প্ৰদান কৰি ৰাইজৰ ভোট লাভৰ প্ৰচেষ্টা চলোৱা শুকুৰ আলী এতিয়া অনুতপ্ত । লাফিকুলৰ হত্যাকাণ্ডৰ সৈতে আজমলক জড়িত কৰাটো ভুল হৈছে শুকুৰ আলীৰ । সেয়ে এক সংবাদমেল অনুষ্ঠিত কৰি নিজৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে আজমলৰ লগতে এ আই ইউ ডি এফৰ সকলো কৰ্মীৰ পৰা ক্ষমা বিচাৰিছে শুকুৰ আলী ।

ABOUT THE AUTHOR

...view details