অসম

assam

ETV Bharat / state

Sukur Ali detained: মাংস লৈ আহোঁতেই আগমণিত ৰাইজে বেৰি ধৰিলে শুকুৰ আলীক; গটালে আৰক্ষীক - charges of smuggling beef

শুকুৰ আলীক আপুনিও নিশেচয় চিনি পায় ৷ বিভিন্ন সময়ত বিভিন্ন ধৰণে চৰ্চাত থকা শুকুৰ আলী শুকুৰবাৰে পুনৰ আহিল চৰ্চালৈ ৷ পুৱাই ৰাজ পথত এজাক মানুহে শুকুৰক আগুৰি ধৰিলে ৷ মাংস বেচিবলৈ আহিছিল শুকুৰ ৷ তাৰ পাচত পালেগৈ আৰক্ষী থানা ৷

viral boy sukur ali arrested at agamoni in dhubri
Allegation against viral boy Sukur Ali

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 12:26 PM IST

শুকুৰ আলীক আটক

ধুবুৰী, ১৫ ছেপ্টেম্বৰ : শুকুৰ আলী । নামেই যাৰ পৰিচয় । কেতিয়াবা যদি ৰাজনৈতিক মঞ্চত, কেতিয়াবা আকৌ চুটি চিনেমা বা ৰিল বনোৱাত ব্যস্ত থাকে শুকুৰ আলী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাগিন বুলি পৰিচিত আৰু মুখ্যমন্ত্ৰীৰ সৈতে এটা সু-সম্পৰ্ক থকা বুলি দাবী কৰা শুকুৰ আলীক বিগত কিছুদিনৰ পৰা বিভিন্ন সময়ত চুটি চিনেমা বা গানৰ শ্বুটিঙত দেখিবলৈ পোৱা যায় ।

আজিও একাংশ ৰাইজে ভিৰ কৰিলে ধুবুৰীৰ আগমণি অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত । আৰক্ষীও আহিল । পিছে আজি কোনো শ্বুটিং থকা বুলি ভুল নুবুজিব । কাৰণ আজি একাংশ ৰাইজে আটক কৰি আৰক্ষীক গতালে এইজন শুকুৰ আলীক ।

এবিধ বিশেষ মাংসৰ অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত শুকুৰ আলীক আটক কৰি আৰক্ষীক গতালে ৰাইজে । গোলকগঞ্জৰ আগমণি আৰক্ষী থানাৰ বেলগুৰিৰ ১৭ নং ঘাইপথত শুকুৰবাৰে পুৱা ৫ বজাত আটক হয় শুকুৰ আলী । AS 01 D P 5469 নম্বৰৰ স্কুটিত ৩০ কিলোগ্ৰাম এই বিশেষ মাংস লৈ আগমণিৰ পৰা গৌৰীপুৰলৈ যাওঁতে ৰাইজে হাতে-লোটে আটক কৰে শুকুৰক । পিছত আগমণি আৰক্ষীয়ে শুকুৰ আলীক আটক কৰি থানালৈ লৈ যায় ।

বৰ্তমানে ধৃত শুকুৰ আলীক জেৰা কৰি আছে আগমণি আৰক্ষীয়ে । উল্লেখ যে, যোৱা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । বিজেপি দল আৰু মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকা বুলি দম্ভালি মৰা শুকুৰ আলীয়ে নিতৌ পুৱতি নিশাই নিজৰ স্কুটিৰে পশ্চিমবংগৰ পৰা ৩০/৩৫ কিলোগ্ৰামকৈ নিষিদ্ধ এইবিধ মাংস লৈ গৌৰীপুৰৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰে ।

উল্লেখ্য যে, কেৱল শুকুৰ আলীয়েই নহয়, আন চক্ৰয়ো পশ্চিমবংগৰ পৰা এনে নিষিদ্ধ মাংস মিনি ট্ৰাকেৰে অসম বংগৰ ছাগলীয়া আৰক্ষী চকী, গোলকগঞ্জ আৰক্ষী থানা, আগমণি আৰক্ষী থানা, হালাকুৰা আৰক্ষী চকী, বালাজান আৰক্ষী চকী আৰু গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰি আহিছে বুলি ৰাইজে অভিযোগ উত্থান কৰিছে । ৰাইজে অভিযোগ কৰি কয় যে আৰক্ষীৰ সৈতে গোপন বুজাবুজি কৰিয়েই একাংশ লোকে এই বেহা চলাই আহিছে ।

লগতে পঢ়ক:Assam Assembly Autumn session: বনানীকৰণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ বিজেপি বিধায়ক অতুল বৰাৰ

ABOUT THE AUTHOR

...view details