অসম

assam

By

Published : Aug 18, 2021, 10:49 PM IST

ETV Bharat / state

শিক্ষাৰ অধিকাৰ বিচাৰি কণ কণ ছাত্র-ছাত্ৰীৰ প্ৰতিবাদ

চৰকাৰী নিৰ্দেশকো অমান্য কৰা এজন বাগিচাৰ পৰিচালক ৷ বিদ্যালয় নিৰ্মাণৰ বাবে প্ৰদান কৰা নাই NOC ৷ ক্ষুদ্ধ আছাৰ লগতে বাগিচাৰ শ্ৰমিক ৷ উপায়ন্তৰ হৈ শিক্ষাৰ অধিকাৰ বিচাৰি বাগিচা পৰিচালকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে কণ কণ ছাত্ৰ-ছাত্ৰী ৷

students-protest-for-right-to-education-in-dhuburi
শিক্ষাৰ অধিকাৰ বিচাৰি কণ কণ ছাত্র-ছাত্ৰীৰ প্ৰতিবাদ

পূৱ বিলাসীপাৰা, 18 আগষ্ট :শিক্ষাৰ অধিকাৰ বিচাৰি এইবাৰ ৰাজপথত কণ কণ ছাত্ৰ-ছাত্ৰী ৷ হয় এই ঘটনা সংঘটিত হৈছে এইখন অসম মূলুকতে ৷ ধুবুৰী জিলা চাহ বাগিচাৰ কাৰ্যালয়ৰ সম্মুখত আছাৰ নেতৃত্বত কণ কণ ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই অহা দেখা গৈছে ৷ এতিয়া আহো প্ৰতিবাদ কৰা কাৰণলৈ ৷

তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে ৰাজ্যৰ চাহ বাগিচাসমূহত বিদ্যালয় নিৰ্মাণৰ আঁচনি হাতত লৈছিল ৷ সেই অনুসৰিয়েই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচা সমূহত বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ৷ কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাৰ দৰে ধুবুৰীৰ চাপৰ চাহ বাগিচাত নিৰ্মাণ হোৱা নাছিল বিদ্যালয়ৰ কাম ৷

শিক্ষাৰ অধিকাৰ বিচাৰি কণ কণ ছাত্র-ছাত্ৰীৰ প্ৰতিবাদ

ইয়াৰ মূলতে আছিল চাপৰ চাহ বাগিচাৰ পৰিচালক মনোজ ৰায় ৷ কিয়নো ৰাজ্য চৰকাৰে বিদ্যালয় নিৰ্মাণ কৰিবলৈ চাহ বাগিচা সমূহৰ পৰা NOC বিছাৰিছিল ৷ কিন্তু বাগিচা খনৰ পৰিচালক মনোজ ৰায়ে আজিকোপতি NOC নিদিয়াৰ বাবেই চাপৰৰ চাহ বাগিচাত নিৰ্মাণ হোৱা নাই বিদ্যালয় ৷

লগতে পঢ়কঃ চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

সেইবাবেই আছাৰ নেতৃত্বত চাহ বাগিচা খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বাগানৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেৱল বিদ্যালয় নিৰ্মাণৰ ক্ষেত্ৰতে নহয় বিভিন্ন বিষয়টো ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পৰিচালক মনোজ ৰায়ৰ বিৰুদ্ধে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰিলৈও NOCপ্ৰদান নকৰে পৰিচালক গৰাকীয়ে ৷

প্ৰতিবাদকাৰী সকলে অতিশীঘ্ৰে বাগিচা খনত থকা 18 বছৰ উৰ্দ্ধৰ সকলো শ্ৰমিককে স্থায়ী শ্ৰমিক হিচাপে নিযুক্তি ,বাগিচাত শোষণ নীতি বন্ধ কৰা,বাগিচা খনত স্থায়ী শ্ৰমিকৰ খালী হৈ থকা ঠাইত নতুন শ্ৰমিকক স্থায়ী ভাবে নিযুক্তি কৰাৰ দাবী উত্থাপন কৰিছে ৷

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানেৰে বাগিচাৰ চৌহদ উত্তাল কৰি তোলে ৷ লগতে বাগিচা পৰিচালকক অতিশীঘ্ৰে এইসমূহ দাবীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে ৷ অন্যথা পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ JIST ৰ বিৰুদ্ধে যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details