বিলাসীপাৰা,২৫ ফেব্ৰুৱাৰী :বিলাসীপাৰাৰ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । বিদ্যালৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ । প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰী আৰু সহকাৰী শিক্ষকে (Students protest against corrupt headmaster in Bilasipara)।
এয়া বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত চৰপাৰা প্ৰিছিনিয়ৰ মাদ্ৰাছাৰ ঘটনা । মাদ্ৰাছাৰ প্ৰধান শিক্ষক ইব্ৰাহিম আলীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে । স্কুল ইউনিফৰ্ম, ছাত্ৰ বৃত্তি, মধ্যাহ্ন ভোজন সকলো ক্ষেত্ৰতে প্ৰধান শিক্ষকে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে শিক্ষাৰ্থীসকলে । ইফালে দুৰ্নীতি সংঘটিত কৰি দুৰ্নীতিৰ অভিযোগ আন শিক্ষকৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছিল ইব্ৰাহীম আলীয়ে ।