অসম

assam

By

Published : Sep 6, 2021, 4:33 PM IST

ETV Bharat / state

চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ দিনাই কিয় প্ৰতিবাদ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ?

সোমবাৰে বিদ্যালয়, মহাবিদ্যালয় সমূহ খুলি দিয়াৰ সময়তে সৃষ্টি হ’ল অথন্তৰ ৷ দীৰ্ঘদিনৰ বিৰতিত শিক্ষানুষ্ঠান সমূহ খুলি দিয়াৰ দিনটোতেই কিয় প্ৰতিবাদত লিপ্ত হ’ল ছাত্ৰ-ছাত্ৰী ? সবিশেষ আমাৰ এই বিশেষ প্ৰতিবেদনত ৷

student-protest-for-seat-in-school-after-announcement-of-merit-list
চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ দিনাই কিয় প্ৰতিবাদ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ?

পূৱ বিলাসীপাৰা, 6 ছেপ্টেম্বৰ :সোমবাৰে খুলি দিয়া হ’ল ৰাজ্যৰ বিদ্যালয় তথা মহাবিদ্যালয় সমূহ ৷ কিন্তু একে সময়তে এক নতুন সমস্যাৰ বাবে বিমোৰত পৰিছে ৰাজ্যৰ বহু শিক্ষানুষ্ঠান ৷ ঠাইয়ে ঠাইয়ে প্ৰতিবাদত লিপ্ত হৈছে ছাত্ৰ-ছাত্ৰী ৷ এই সমস্যাৰ সৃষ্টি হৈছে শিক্ষানুষ্ঠান সমূহৰ আসনৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ বাবে ৷ একোখন মহাবিদ্যালয়ত এতিয়া 300 আসনৰ বিপৰীতে আবেদন কৰিছে 1000 ৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে ৷

অনুৰূপ সমস্যাৰ সৃষ্টি হ’ল ধুবুৰী জিলাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷ একাংশ ছাত্ৰ-ছাত্ৰীৰ নাম কলা শাখাৰ একাদশ শ্ৰেণীৰ নাম ভৰ্তিৰ বাবে প্ৰকাশ হোৱা মেধাৰ তালিকাত নহাকলৈ চলিল প্ৰতিবাদ ৷ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষজনে জানিব দিয়া মতে, বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ আসনৰ সংখ্যা ১৫০ আছিল যদিও এইবাৰ আৰু ১৫০ আসন বৃদ্ধি কৰি ৩০০ আসন কৰিছে ৷

চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ দিনাই কিয় প্ৰতিবাদ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ?

কিন্তু ৩০০ আসনৰ বিপৰীতে এইবাৰ একাদশ শ্ৰেণীৰ কলা শাখাত ১০০০ ৰ ওপৰত শিক্ষাৰ্থীয়ে নাম ভৰ্তিৰ বাবে আবেদন কৰিছে । স্বাভাৱিকতেই ইয়াক লৈ এতিয়া বিপাঙত পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ ৷

অধ্যক্ষজনৰ দাবী যে কোনো কাৰণতে আগৰে পৰা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পূৰ্বৰে পৰা অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে বিমূখ হ’ব নালাগে, তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে মাধ্যমিক শিক্ষা পৰিষদৰ ওচৰত আৰু ১০০ আসন বিচাৰি প্ৰস্তাৱ আগবঢ়াইছে । ইফালে নামভৰ্তিকলৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবে এতিয়া শংকাত ভূগিছে একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে অবিভাৱক সকলো । সকলোৱে এতিয়া এই ক্ষেত্ৰত শিক্ষা বিভাগৰ তৰফৰ পৰা এক ফলদায়ক পদক্ষেপ বিচাৰিছে ৷

লগতে পঢ়ক :চাউলৰ ক’লা ব্যৱসায় চলিবলৈ দিয়া নহ’ব ৰাজ্যত : ৰণজিৎ কুমাৰ দাস

ABOUT THE AUTHOR

...view details