ধুবুৰী,৩ নৱেম্বৰ :সমগ্ৰ শিক্ষক সমাজক কলঙ্কিত কৰিলে ধুবুৰীৰ এগৰাকী শিক্ষকে । গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ সাতশীয়া জনকল্যাণ হাইস্কুলৰ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলে । প্ৰায় চাৰি মাহ পূৰ্বে এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আছিল জালাল উদ্দিনৰ বিৰুদ্ধে । তেনে এক জঘন্য অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ফকিৰগঞ্জ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ ।
চাৰি বছৰৰ পাছতেই পুনৰ বিদ্যালয়ত উপস্থিত হয় প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডল । তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিদ্যালয় চৌহদ । ইফালে শিক্ষক গৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ।