ধুবুৰী, 7 জানুৱাৰী: "অসম তথা ভাৰতবৰ্ষখন হৈছে এখন কৃষিভিত্তিক দেশ ৷ আমি কৃষিৰ লগত জড়িত হ’বই লাগিব ৷ কৃষিয়ে আমাক স্বাৱলম্বী কৰাৰ বাহিৰেও শাৰীৰিক চৰ্চাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহনা যোগায় ৷ মই সৰুৰে পৰাই কৃষিৰ লগত জড়িত হৈ আছো ৷
মই প্ৰায় 13 বছৰ বয়সৰ পৰাই দেউতাৰ লগত কৃষিকাৰ্যত জড়িত হৈ আছিলো ৷ এতিয়া মই দেউতাৰ পদাংক অনুসৰণ কৰি অকলেই কৃষিৰ পৰম্পৰা অব্যাহত ৰাখিছো ৷ মই কৃষিৰ জৰিয়তে পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে ৷" কাৰোবাৰ বাবে খেতি পেছা নহয়, ই নিচাস্বৰূপ ৷ আজি আমি আপোনালোকক ক’বলৈ ওলাইছো ধুবুৰীৰ এগৰাকী আদৰ্শ খেতিয়কৰ কথা (Story of a ideal farmer)৷ যাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছে অঞ্চলটোৰ বহুতো লোক (Story of Ideal farmer Abdul Gofur)৷
ধুবুৰীৰ ধৰ্মশালাৰ এই লোকজনৰ নাম আব্দুল গফুৰ ৷ বিগত 26 টা বছৰে এখন ভেন্সাৰ স্কুলত শিক্ষকতা কৰি আহিছে গফুৰে ৷ 1995 চনত স্থাপিত ধুবুৰীৰ ধৰ্মশালা পঞ্চম খণ্ড গাঁৱৰ সোণাউল্লাহ এম ই স্কুলৰ প্ৰধান শিক্ষক আব্দুল গফুৰ (Head Master Abdul Gofur)৷ চৰকাৰ আহিল গ’ল, বিদ্যালয়খন আজিও চৰকাৰী নহ’ল ৷ কিন্তু প্ৰাপ্যৰ নামত চৰকাৰৰ পৰা প্ৰতাৰণাৰ বলি হৈ অহা এইগৰাকী শিক্ষক এতিয়া অঞ্চলটোৰ এজন আদৰ্শ খেতিয়ক ৷