ধুবুৰী, ৬ মে': ধুবুৰী জিলাত এছএছবি জোৱানে বিতৰণ কৰিলে খাদ্য সামগ্ৰী । অসম-বংগ সীমান্তৰ ছাগলীয়াত বিতৰণ কৰে খাদ্য সামগ্ৰী । উল্লেখ্য যে, লক ডাউনৰ সময়ছোৱাত কটকটীয়া ব্যৱস্থা গঢ়ি তোলা হৈছিল অসম-বংগ সীমান্তৰ ছাগলীয়াত । যাৰ বাবে বহুতো আৰ্থিক সমস্যাত ভুগিছিল সীমান্তবাসীয়ে । সেয়ে ছাগলীয়াত থকা এছএছবিৰ জোৱান সকলে বুধবাৰে সীমান্তৰ লোক সকলক বিতৰণ কৰে খাদ্য সামগ্ৰী ।
ধুবুৰীত এছ এছ বি জোৱানৰ সাহায্য বিতৰণ - এছএছবি জোৱান
ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত খাদ্য সামগ্ৰী বিতৰণ কৰে এছ এছ বি জোৱানে । লক ডাউনৰ সময়ছোৱাত সীমান্তবাসীয়ে আৰ্থিক সমস্যাত পৰাৰ বাবেই জোৱানসকলে বিতৰণ কৰে খাদ্য সামগ্ৰী ।

ধুবুৰীত এছ এছ বি জোৱানৰ সাহায্য বিতৰণ
লগতে প্ৰতিজন ব্যক্তিয়ে যাতে সামাজিক দূৰত্ব মানি চলাৰ লগতে বিনা কাৰণত বাহিৰত নোলায় তাৰ বাবে আহ্বান জনাই জোৱানসকলে । তাৰোপৰি এছ এছ বি জোৱানৰ এনে পদক্ষেপক শলাগ লৈছে অঞ্চলবাসীয়ে ।