ধুবুৰী, 16 জুলাই:ৰাজ্যজুৰি আৰম্ভ হৈছে বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক(Special diarrhoea control fortnight will run from July 15 to July 29)। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শুকুৰবাৰৰ পৰা ধুবুৰী জিলাতো আৰম্ভ হৈছে বিশেষ ডায়েৰীয়া পষেক কাৰ্য্যসূচীৰ(Awareness about diarrhoea) । ধুবুৰী জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত বিশেষ ডায়েৰীয়া (Diarrhoea) নিয়ন্ত্ৰণ পষেক উপলক্ষে ধুবুৰী জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সভাগৃহৰ পৰা ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য), অতিৰিক্ত উপায়ুক্ত (প্ৰতিষেধক), স্বাস্থ্য সেৱাৰ যুটিয়া সঞ্চালক আৰু ধুবুৰী পৌৰসভাৰ উপ-সভানেত্ৰীৰ উপস্থিতিত পষেকযোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় (Special diarrhoea control fortnight in Dhubri)৷
এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ডায়েৰীয়াজনিত ৰোগ আৰু এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু ৰোধ কৰা ৷ এই পষেকত প্ৰতি ঘৰত ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে ORS ৰ এটা পেকেট প্ৰদান কৰাৰ লগতে ORS বনোৱাৰ পদ্ধতি শিকোৱা হয় ৷ ইয়াৰ লগতে হাত কেনেকৈ পৰিস্কাৰকৈ ধুব লগে তাৰো ওপৰত পৰ্যালোচনা কৰা হয় ৷ ইয়াৰ লগতে এই আলোচনাত ডায়েৰীয়াৰ পৰা হাত সাৰিবলৈ কি কি পদ্ধতি অৱলম্বন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় ৷