ধুবুৰী, 14 আগষ্ট: ৰাজ্যত অব্যাহত আছে দালালৰাজ ৷ ইটোৰ পিছত সিটোকৈ দালাল চক্ৰ আটক হোৱাৰ পিছতে পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন ৷ শেহতীয়াকৈ, মঙলবাৰে ধুবুৰী জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা এজন দালাল গ্ৰেপ্তাৰ হৈছিল ৷ ধুবুৰীৰ পৰা দালালটো গ্ৰেপ্তাৰ হোৱাৰ পিছতেই আজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চাডেন ভিজিট কৰিলে জিলা আৰক্ষী অধীক্ষকে (Dhubri SP Gurav Abhijit Dilip)। দৰাচলতে, ধুবুৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিনৰে পৰা ডজন ডজন দালাল শ্ৰেণীৰ লোকে অব্যাহত ৰাখিছে দালালৰাজ ।
দালাল চক্ৰই বিভিন্ন কামৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱা ভুক্তভোগী লোকসকলক লুণ্ঠন চলোৱাৰ লগতে দীৰ্ঘদিনৰে পৰা হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । তেনে এক অভিযোগৰ ভিত্তিতেই মঙলবাৰে এজন স্থানীয় দালাল আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি স্বয়ং জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে নিজেই আকস্মিকভাৱে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চলায় অভিযান (SP Sudden visit to Dhubri Transport Department office) ৷