অসম

assam

হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Jan 18, 2020, 2:54 PM IST

দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ মতিনেৰ চৰ গাঁওত প্ৰশাসনৰ উচ্ছেদ অভিযান। দুই শতাধিক লোকৰ বাসস্থানত প্ৰশাসনে উচ্ছেদ চলোৱা মুঠ ৭৪ বিঘা চৰকাৰী ভূমিত নতুনকৈ নিৰ্মাণ কৰা হ'ব দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু ন্যায়িক আদালত।

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান
দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ধুবুৰী, 18 জানুৱাৰীঃ হাটশিঙিমাৰীৰ মাতিনেৰ চৰ গাৱঁত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। চৰকাৰী ভূমিত সুদীৰ্ঘ বছৰে বসবাস কৰি অহা এই গাঁওখনৰ লোকসকলক কিছুদিন পূৰ্বে জাননী দিয়া সত্বেও লোকসকলে চৰকাৰী ভূমি খালি নকৰাৰ ফলত জিলা প্ৰশাসনে শনিবৰে বাধ্য হৈ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জে চি বিৰে উচ্ছেদ অভিযান চলাইছে ।

প্ৰশাসনে উচ্ছেদ চলোৱা মুঠ ৭৪ বিঘা চৰকাৰী ভূমিত নতুনকৈ নিৰ্মাণ কৰা হ'ব দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু ন্যায়িক আদালত। ইপিনে এই গাঁওখনৰ দুই শতাধিক পৰিয়ালক আন ঠাইত পুনৰ সংস্থাপন দিয়া হ'ব বুলি জানিবলৈ দিয়ে জিলা অতিৰিক্ত উপায়ুক্ত ছাইবৰ আলীয়ে।

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

উল্লেখযোগ্য যে, প্ৰায় তিনি বছৰ পূৰ্বে গঠন হোৱা এই জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয় আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু স্থায়ী ন্যায়িক আদালত নাছিল। অতদিনে অস্থায়ী কাৰ্যালয়ত কাম কাজ চলাই আছিল জিলা প্ৰাশাসনে।

TAGGED:

ABOUT THE AUTHOR

...view details