ধুবুৰী, 17 জুন : দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে জিলাখনৰ নদী পথত নাওঁ অথবা লঞ্চৰ চলাচলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতেই জিলাখনৰ ভিন্ন প্ৰান্তৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । দৰাচলতে, সাগৰীয় ঘূৰ্ণিবতাহ বিপৰ্যয়ৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ঘোষণা কৰা হৈছে অৰেঞ্জ এলাৰ্ট । বিপৰ্যয়ৰ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পাবলৈ জিলা প্ৰশাসনে যোৱা 15 জুনৰ পৰা অহা 19 জুনলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নদী পথত সকলো প্ৰকাৰৰ নাওঁ, লঞ্চৰ চলাচল বন্ধ ঘোষণা কৰে ।
অৰেঞ্জ জ’নত থকা দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে নাওঁ চলাচল বন্ধ কৰাৰ পিছতেই ধুবুৰীৰ পাৰঘাটত আৱদ্ধ হৈ পৰে দক্ষিণ পাৰৰ শ শ যাত্ৰী । ৰাতিপুৱা দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চলৰ পৰা নাওঁ বা লঞ্চৰ জৰিয়তে ধুবুৰী পাৰঘাটত উপস্থিত হয় যাত্ৰীসকল । অৱশ্যে শুকুৰবাৰৰ পুৱাৰ ভাগত জিলা প্ৰশাসনে নাওঁ বা লঞ্চৰ চলাচলত কোনো বাধা দিয়া নাছিল, যদিও বিয়লি তিনি মান বজাত নাওঁ বা লঞ্চৰ চলাচলত বাধা প্ৰদান কৰে ধুবুৰী জিলা প্ৰশাসনে । উল্লেখ্য যে, ফকিৰগঞ্জ আৰু পাটাকাটা অঞ্চলৰ যাত্ৰীবাহী লঞ্চৰ যাবলৈ অনুমতি দিয়া হৈছে যদিও দক্ষিণ শালমাৰা আৰু ফুলবাৰীলৈ যাবলগীয়া দুখন যাত্ৰীবাহী লঞ্চৰ যাতায়তৰ অনুমতি প্ৰদান নকৰে জিলা প্ৰশাসনে ।