ধুবুৰী,13 জানুৱাৰীঃদক্ষিণ শালমাৰাৰ সীমান্তত উত্তেজনা ৷ চৰকাৰী পক্ষ আৰু অসম আৰক্ষীৰ ৰহস্যজনক নিৰৱতাৰ সুযোগ লৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তত একপ্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে গৰুৰ চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীয়ে ৷ ফলত নিৰাপত্তাহীনতাত ভূগিছে সীমান্ত সুৰক্ষা বাহিনী ৷ সুদীৰ্ঘ বছৰে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ ভাৰত বাংলা উন্মুক্ত সীমান্তৰে গৰুৰ চোৰাং ব্যৱসায় চলি আহিছে ৷ কিন্তু শাসনাধীন কোনো এখন চৰকাৰেই বন্ধ কৰিবলৈ সক্ষম নহল এই আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং বেহা ৷ ধুবুৰী, গৌৰীপুৰ, বন্দিহানা, ফকিৰগঞ্জ, দক্ষিণ শালমাৰা, খাৰুৱাবান্দা, সুখচৰ আদি এলেকাৰ বিভিন্ন চৰাঞ্চলেৰে প্ৰতিদিনে পাৰ কৰা হয় জাকে জাকে চোৰাং গৰু ৷ নাঁৱেৰে বাংলাদেশলৈ চালান দিয়া হৈছে শ শ পশুধন ৷ বিগত সপ্তাহত সীমান্তৰ মহামায়াৰ চৰত বি এছ এফৰ সৈতে সংঘৰ্ষ হৈছিল চোৰাং গৰু সৰবৰাহকাৰীৰ। ফলত বি এছ এফৰ গুলিত এজন নিহত হোৱাৰ বিপৰীতে গুলিবিদ্ধ হৈ আহত হৈছিল আন তিনিজনকৈ লোক ।
উল্লেখ্য যে, মহামায়াৰ ঘটনাৰ উত্তেজনা মাৰ নাযাওতেই দেওবাৰে পুৱতি নিশা পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় দক্ষিণ শালমাৰা সীমান্তৰ ঘোঁৰামাৰা ফুলকাকাটা অঞ্চলত । একাংশ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে গৰু বাংলাদেশলৈ চালান দিয়াৰ চেষ্টা কৰোতেই তহলদাৰী বি এছ এফ জোৱানে বাধা প্ৰদান কৰাৰ সময়তেই বি এছ এফৰ জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে চোৰাংকাৰীয়ে । পিছত বি এছ এফ জোৱানে উপায়ান্তৰ হৈ আত্মৰক্ষাৰ বাবে গুলিচালনা কৰে । ফলত থিতাতে নিহত হয় সমেজ আলী নামৰ এজন চোৰাং সৰবৰাহকাৰী ৷ লগেত একাংশ চোৰাংচিকাৰীয়ে কাঢ়ি লৈ যায় বি এছ এফৰ চাৰ্ভিছ ৰাইফল ৷ একাংশ সচেতন ৰাইজৰ তৎপৰতাত আজি দুপৰীয়াৰ ভাগত বি এছ এফে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বি এছ এফ জোৱানৰ চাৰ্ভিছ ৰাইফল ৷ এই সংঘৰ্ষত এজন চোৰাংকাৰী নিহত হোৱাৰ বিপৰীতে দুজনকৈ বি এছ এফ জোৱান আহত হয় । ইয়াৰে সুনীল কুমাৰ নামৰ এজন জোৱান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধুবুৰী অসামৰিক চিকিৎসালয়ত ।