ধুবুৰী,6 ফেব্ৰুৱাৰীঃ ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ । ২০১৪ চনত আৰম্ভ হোৱা বাণিজ্য কেন্দ্ৰটোৰ জৰিয়তে প্ৰতিদিনে বাংলাদেশলৈ ৰপ্তানি কৰা হয় বৃহৎ পৰিমাণৰ শিল ৷ যাৰ বিনিময়ত ভাৰত চৰকাৰে প্ৰতিদিনে লাভ কৰে বৃহৎ পৰিমাণৰ ৰাজহ ৷
উল্লেখ্য যে,২০১৪ চনত ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৱৰ্তী গোলকগঞ্জৰ সোনাহাটত শুভাৰম্ভ কৰা হৈছিল সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ । পৰৱৰ্তী সময়ত এই বাণিজ্য কেন্দ্ৰৰ যোগেদি বাংলাদেশলৈ শিল আৰু কয়লা ৰপ্তানি কৰা হৈছিল ৷ সম্প্ৰতি ভাৰতৰ পৰা প্ৰতিদিনে প্ৰায় 2,500 হাজাৰ টন শিল ৰপ্তানি কৰা হয় বাংলাদেশলৈ ৷ অৰ্থাৎ দৈনিক প্ৰায় 100খন ট্ৰাকে বাংলাদেশলৈ কঢ়িয়ায় নিয়ে শিল । সমান্তৰালভাৱে বাংলাদেশৰ পৰা মাজে-সময়ে ভাৰতলৈ ৰিফাইন তেল,প্লাই,প্লাষ্টিকৰ ফাৰ্ণিচাৰ আৰু বাচন-বৰ্তনকে ধৰি বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী,তুলা,কাপোৰ আদি সামগ্ৰীৰ আমদানি কৰা হয় ৷ যাৰ বিনিময়ত ভাৰত চৰকাৰে প্ৰতিদিনে ৰাজহ হিচাপে লাভ কৰে প্ৰায় পঁচিশ হাজাৰ বাংলাদেশী টকা ৷ স্থানীয় লোকসকলৰ লগতে সমগ্ৰ ধুবুৰী জিলাখনৰ প্ৰায় দহৰ পৰা পোন্ধৰ হাজাৰ পৰিয়াল ইয়াৰ সৈতে জড়িত হৈ জীৱিকা নিৰ্বাহৰ পথ বিচাৰি লৈছে ৷ মুঠৰ ওপৰত অসমৰ সীমান্তৱৰ্তী জিলাখনলৈ কৰ্মসংস্থাপনৰ সু-খবৰ কঢ়িয়াইছে এইটো বাণিজ্য কেন্দ্ৰই ৷