অসম

assam

ETV Bharat / state

চাপৰত পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ - murder case

মানুহ বিহুৰ দিনাই চাপৰৰ ৰঙামাটিৰ ছাচলাপাৰা দ্বিতীয় খণ্ড গাঁৱত অঘটন ৷ পাৰিবাৰিক কন্দলৰ ফলতে পুত্ৰ হানিবুলৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃ কুদৰোদ উল্লাহ শ্বেখৰ ৷

চাপৰত পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ
চাপৰত পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ

By

Published : Apr 15, 2021, 5:01 PM IST

পূৱ বিলাসীপাৰা,১৫এপ্ৰিল:মানুহ বিহুৰ দিনাই চাপৰৰ ৰঙামাটিৰ ছাচলাপাৰা দ্বিতীয় খণ্ড গাঁৱত অঘটন ৷ পাৰিবাৰিক কন্দলৰ ফলতে পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ ৷ মৃত বৃদ্ধ গৰাকীৰ নাম কুদৰোদ উল্লাহ শ্বেখ বুলি জানিব পৰা গৈছে ৷

চাপৰত পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ

উল্লেখ্য যে, পাৰিবাৰিক কন্দলৰ পৰিণতিৰ ফলত হানিবুল শ্বেখ নামৰ ব্যক্তি গৰাকীয়ে পিতৃক হত্যা কৰাৰ অভিয়োগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এই ঘটনাক কেন্দ্ৰ কৰি পৰৰ ৰঙামাটিৰ ছাচলাপাৰা দ্বিতীয় খণ্ড গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশেষত ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

এই ঘটনাৰ সন্দৰ্ভত মৃত বৃদ্ধ গৰাকীৰ পুত্ৰ হানিবুল শ্বেখৰ লগতে হানিফ শ্বেখ আৰু হামিদা বিবিক আটক কৰি চাপৰ থানালৈ লৈ যায় আৰক্ষীয়ে ৷ ইপালে স্থানীয় ৰাইজে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:একেটা পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ সন্দেহজনক মৃত্যু

ABOUT THE AUTHOR

...view details