পশ্চিম বিলাসীপাৰা, 10 জুলাই : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শুকুৰবাৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ ৷ ধুবুৰী জিলা আৰু কাঠালদি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গৌৰাং নৈৰ বাকৰিত সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ নৈৰ বাকৰিত জিলা খনৰ একাংশ ছাত্ৰ নেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজে হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
তাৰ পাচতে প্ৰতিবাদী নেতা-কৰ্মী সকলে কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক শীঘ্ৰে কাৰামুক্ত কৰি দিবলৈ নেদেখা জনৰ ওচৰত সমূহীয়া দোৱা কৰে ৷ যদি চৰকাৰে বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰে তেন্তে ব্যাপক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷