ধুবুৰী , 24 এপ্ৰিল : ধুবুৰীত জুৱাৰীৰ দলে হত্যা কৰিলে ফকিৰগঞ্জৰ এজন মিঠাই ব্যৱসায়ীক। আৰক্ষীৰ অনুসন্ধান আৰম্ভ ৷
ধুবুৰীত মিঠাই ব্যৱসায়ীক হত্যা - MURDER
কেইজন মান ব্যক্তিয়ে তেওঁক জুৱা খেলিবলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ হত্যাকাৰীয়ে আতাব আলীৰ লগত থকা টকাখিনি কাঢ়ি নি হত্যা কৰি পলায়ন কৰে বুলি অভিযোগ কৰে স্থানীয় লোক আৰু পৰিয়ালৰ লোকে।
মঙলবাৰে ধুবুৰীৰ ফকিৰগঞ্জৰ বাওঁলৰি গাঁৱত সংঘটিত হয় হত্যাকাণ্ডৰ ঘটনা। নিহত লোকজনৰ পৰিয়ালৰ অভিযোগ মতে স্থানীয় জুৱাৰীৰ দল এটাই হত্যা কৰিলে ফকিৰগঞ্জৰ মিঠাই ব্যৱসায়ী আতাব আলীক। দৰাচলতে তেইশ এপ্ৰিলত ফকিৰগঞ্জৰ মিঠাই ব্যৱসায়ী আতাব আলীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মিঠাই বিক্ৰী কৰিবলৈ ওলাই যায় ৷ইয়াৰ পাচতে অঞ্চলটোৰ কেইজন মান ব্যক্তিয়ে তেওঁক জুৱা খেলিবলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
ফকিৰগঞ্জ আৰক্ষীৰ অৱহেলাৰ সুযোগ লৈ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি আহিছিল লাখ লাখ টকাৰ অবৈধ জুৱা।ব্যক্তিকেইজনে জুৱা খেলিবলৈ ব্যৱসায়ী আতাব আলীক লৈ যায় আৰু আতাব আলীৰ লগত থকা টকাখিনি কাঢ়ি হত্যা কৰি পলায়ন কৰে বুলি অভিযোগ কৰে স্থানীয় লোক আৰু পৰিয়ালৰ লোকে।
আনহাতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত লাভ কৰা এজাহাৰৰ ভিত্তিত এখন গোচৰ পঞ্জীয়ন কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিছে। লগতে এয়া হত্যাকাণ্ড হয় নে নহয় সেয়া তদন্তৰ পাচতহে পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷