ধুবুৰী, 5 মে': ৰাজ্যৰ তিনিখন অ'ৰেঞ্জ জ'নৰ অন্যতম হ'ল ধুবুৰী । দীঘলীয়া লক্ ডাউনৰ ফলত ধুবুৰীৰ ৰাইজ সন্মুখীন হৈছে ভিন্ন সমস্যাৰ । তাৰ পিচতেই পুনৰ ঘোষণা কৰা হয় তৃতীয় পৰ্যায়ৰ লক্ ডাউন । তৃতীয় পৰ্যায়ৰ লক্ ডাউনত কিছু পৰিমাণে শিথিলতা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে, বজাৰলৈ ওলাই আহিছে ধুবুৰীৰ একাংশ লোক । ভীৰ কৰিছেহি বজাৰত ।
দীঘলীয়া লক্ ডাউনৰ অন্তত ধুবুৰীৰ পৰিৱেশ
দীঘলীয়া লক্ ডাউনৰ পিচত স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে ধুবুৰীবাসীৰ মাজত । তৃতীয় পৰ্যায়ৰ লক্ ডাউনত শিতিলতা প্ৰদানৰ পিচতে ভিন্ন কানৰ বাবে ধুবুৰীৰ ৰাইজ ওলাই আহিল ঘৰৰ বাহিৰলৈ ।
situation of dhubri after relaxation of lockdown
কিছুমান অঞ্চলত সামাজিক দূৰত্ব বজাই ৰাখিছে যদিও, কিছু অঞ্চলত সামাজিক দূৰত্ব বৰ্তাই ৰখা পৰিলক্ষিত হোৱা নাই । মঙলবাৰে বজাৰৰ সমান্তৰালকৈ ধুবুৰীৰ বেংকসমূহৰ সন্মুখতো দেখিবলৈ পোৱা গ'ল ৰাইজৰ দীঘলীয়া শাৰী ।
লগতে পঢ়কঃলক ডাউনৰ যোগাত্মক প্ৰভাৱঃ হৰিদ্বাৰ, বাৰাণসীত পৰিস্কাৰ হৈ বৈছে গংগাৰ পানী