অসম

assam

ETV Bharat / state

সীমান্তত উপস্থিত হৈ বানৰ খবৰ ল'লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে - Flood

বাংলাদেশৰ বানে উটুৱাই নিলে দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ সহ প্ৰায় ডেৰশ মিটাৰ সীমান্ত পথ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দ্বিতীয় দিন সীমান্তত উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰী

সীমান্তত উপস্থিত হৈ বানৰ খবৰ ল'লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

By

Published : Jul 16, 2019, 11:03 PM IST

ধুবুৰী, 16 জুলাইঃ দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ সহ বৃহৎ এলেকা বানে উটুৱাই নিয়াৰ পিছত মঙলবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সীমান্তৰ ঘটনাস্থলীত উপস্থিত হৈ বান গৰাখহনীয়াৰ বুজ ললে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । সোমবাৰে দিনৰ দুই বজাৰ পৰা চব্বিশ ঘণ্টাৰ ভিতৰত প্ৰায় ডেৰশ মিটাৰ এলেকা উটুৱাই নিয়ে বাংলাদেশৰ বাঢ়নী পানীয়ে। এই খবৰ পোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বানপানীৰ বুজ ল'বলৈ মানকাচৰত উপস্থিত হয় মন্ত্ৰী ফণীভূষণ চৌধুৰী।

সীমান্তত উপস্থিত হৈ বানৰ খবৰ ল'লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

জিলা উপায়ুক্ত আতিকা চুলতানা, বিধায়ক ডাঃ মতিয়ৰ ৰহমান মণ্ডল, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু একাংশ প্ৰশাসনিক বিষয়াৰ সৈতে মন্ত্ৰী গৰাকীয়ে সীমান্তৰ ঘটনাস্থলীত উপস্থিত হৈ বি এছ এফৰ উচ্চ পদস্থ বিষয়া আৰু জিলা উপায়ুক্তৰ পৰা সীমান্তৰ লগতে জিলা খনৰ বান পৰিস্থিতিৰ বুজ লয় । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সীমান্তত উপস্থিত হৈ শীঘ্ৰেই সীমান্তৰ পথটো মেৰামতিৰ লগতে কাঁইটীয়া তাঁৰৰ বেৰ মেৰামতি কৰাৰ বাবে যি ব্যৱস্থা ল'ব লাগে সেয়া ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

আৰু পঢ়কঃ আকাশৰ পৰাই বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details