অসম

assam

ETV Bharat / state

সক্ৰিয় হৈ পৰিছে গৰুৰ চোৰাং সৰবৰাহকাৰীঃ নিৰাপত্তাৰক্ষীকো আক্ৰমণ

পুনৰ আৰম্ভ হৈছে ভাৰত বাংলা সীমান্তত গৰুৰ চোৰাং বেহা । প্ৰতিদিনে সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ হৈছে জাক জাক চোৰাং গৰু । চোৰাং গৰুৰ বেপাৰীক বি এছ এফে বাধা প্ৰদানৰ চেষ্টা কৰিলে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় দুৰ্বৃত্তই ৷ কালি পুনৰ আক্ৰমণৰ বলি হ'ল এজন BSF জোৱান ৷

সীমান্তত গৰুৰ চোৰাং বেহা

By

Published : May 5, 2019, 7:39 PM IST

Updated : May 5, 2019, 10:42 PM IST

ধুবুৰী,5মে': শনিবাৰে পুৱতি নিশা প্ৰায় বিশ পঁচিশ জনীয়া গৰুৰ চোৰাং চক্ৰৰ এটা দলে আলগা সীমান্তৰে পাৰ কৰাবলৈ চেষ্টা কৰিছিল বৃহৎসংখ্যক গৰু৷ তেনে সময়তে বি এছ এফে আঠটাকৈ চোৰাং গৰু জব্দ কৰে । এনে সময়তে বি এছ এফলৈ গৰুৰ চোৰাং চক্ৰৰ দলটোৱে শিলগুটি নিক্ষেপ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণৰ কৰে ৷ ফলত BSFৰ হেড কনিষ্টবল পি বালাচান্দ পাটিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

সীমান্তত গৰুৰ চোৰাং বেহা

শূন্যলৈ গুলী চলাইহে কথমপি ৰক্ষা পৰে বি এছ এফৰ দলটো ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত আছে চোৰাং গৰুৰ অবাধ সৰবৰাহ ৷ প্ৰশ্ন উঠিছে কাৰ আশীৰ্বাদত বলীয়ান হৈ চক্ৰটোৱে অব্যাহত ৰাখিছে বাংলাদেশলৈ গৰুৰ অবৈধ চালান ৷

Last Updated : May 5, 2019, 10:42 PM IST

ABOUT THE AUTHOR

...view details