ধুবুৰী, ১১ জুলাই:পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ একাধিক হিংসাত্মক ঘটনাৰ মাজৰে শনিবাৰে সম্পন্ন হয় ৷ ৰাজ্যখনৰ বীৰভূমত পঞ্চায়ত ভোট গ্ৰহণ চলি থকাৰ মাজতে সৃষ্টি হোৱা হিংসাৰ পৰা নাই অন্ত ৷ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতো পশ্চিম বংগৰ কোচবিহাৰ জিলাত অব্যাহত নিৰ্বাচনী হিংসা । কোচবিহাৰ জিলাৰ তুফানগঞ্জ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী বালাভূত অঞ্চলৰ পৰা পলায়ন কৰি ১২শ পৰিয়ালৰ লোকে অসমত আশ্ৰয় গ্ৰহণ কৰিছে ।
পশ্চিম বংগত নিৰ্বাচনী হিংসাৰ ছলেৰে মমতা বেনাৰ্জীয়ে মুছলমান লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ কোচবিহাৰ জিলাৰ নাটাবাৰী সমষ্টিৰ প্ৰাক্তন চি পি আই এম বিধায়ক তমছেৰ আলীৰ । উল্লেখ্য যে, শনিবাৰে চুবুৰীয়া ৰাজ্য পশ্চিম বংগত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আৰম্ভ হোৱা নিৰ্বাচনী হিংসা আজিও অব্যাহত আছে । মঙলবাৰে ভোট গণনাৰ দিনাও আতংকিত শ শ ভোটাৰে অসম আশ্ৰয় লৈ আছে যদিওঁ ভোট গণনাৰ পিছতেই পুণৰ ভয়ংকৰ হিংসাত্মক পৰিৱেশৰ সূচনা হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে এই লোকসকলে ।
উল্লেখ্য যে নিৰ্বাচনত মাৰপিট,গুলি চালনা ,বোমা নিক্ষেপেৰে ৰক্তাক্ত নিৰ্বাচনী হিংসাত হতাহত হৈছে বহু লোক । এই নিৰ্বাচনী হিংসাত দুস্কৃতিকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ যোৱা দুদিনৰ পৰা বংগ এৰি অসমলৈ পলায়ন প্ৰায় ১২শ ৰো অধিক পৰিয়ালৰ শিশু মহিলাসহ ৭ সহস্ৰাধিক লোকৰ । আজিৰ দিনটোত কোচবিহাৰ জিলাৰ অসম সীমান্তৱৰ্তী বালাভূত, গোপালেৰকুটী আদি কেইবাখনো গাঁৱৰ লোক প্ৰাণৰ ভয়ত ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ আগমনি থানাৰ ৰনপাগলী,সাইনালেৰকুটী ,ভামনডাঙ্গা ,খেৰবাৰী আদি বিভিন্ন অঞ্চলত আশ্ৰয় গ্ৰহণ কৰি আছে । ২২০৯ নং সাইনালেৰকুটী প্ৰাথমিক বিদ্যালয়তো আশ্ৰয় লৈ আছে একাংশ শৰণাৰ্থীয়ে ।