বিলাসীপাৰা, 17 জুলাই: "মোক মোৰ ল'ৰাটো উলিয়াই দিয়ক ৷ মোৰ বুকু শুদা হৈ গৈছে ৷ সি যোৱা 2 মাহ এতিয়ালৈ তাৰ কোনো খা-খবৰ নাই ৷" কেমেৰাৰ সন্মুখত হিয়া ধাকুৰি কান্দিলে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে ৷ বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁৱৰ বগুলাউৰাত কান্দোলৰ ৰোল ৷ একেখন গাঁৱৰে 7 জনকৈ যুৱক নিৰুদ্দেশ ৷ এই ঘটনাই শংকিত কৰিছে অভিভাৱকৰ লগতে সমগ্ৰ গাঁওবাসীক (Youths missing from Bilasipara) ৷
জানিব পৰামতে, অভয়াপুৰীৰ ৰেজাউল কৰিম নামৰ এগৰাকী ঠিকাদাৰে কাম দিয়াৰ উদ্দেশ্যৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ লৈ গৈছিল এইখন গাঁৱৰে 7 গৰাকী যুৱকক ৷ তাৰ পিছৰে পৰাই নিৰুদ্দেশ হৈ আছে 7 জনকৈ যুৱক ৷ নিখোজ হৈ থকা যুৱক কেইজন হৈছে মনোৱাৰ হুছাইন, ছামিৰুল সেখ, আবুল হুছাইন, কালিমুদ্দিন সেখ, ফৰিজুল হক, আয়নাল হক আৰু মাজিদুল আলী ৷