অসম

assam

ETV Bharat / state

বিশেষ ৰেলযোগে ধুবুৰীত উপস্থিত 366 জন যাত্ৰী - আগৰতলাৰ পৰা ৩৬৬ জন শ্ৰমিক

আগৰতলাৰ পৰা ৩৬৬ জন শ্ৰমিকক লৈ এখন বিশেষ ট্ৰেইন আহি উপস্থিত হয় ধুবুৰী ৰেলৱে ষ্টেচনত ৷

sepical migrant labure train arrived
ধুবুৰীত 366 জন যাত্ৰী উপস্থিত বিশেষ ৰেল যোগে

By

Published : May 26, 2020, 1:47 PM IST

ধুবুৰী, 26মেঃ সোমবাৰে ধুবুৰী ৰেলৱে ষ্টেচনত উপস্থিত হয় এখন বিশেষ যাত্ৰীবাহী ৰেল । আগৰতলাৰ পৰা ধুবুৰী জিলাৰ মুঠ ৩৬৬ জন শ্ৰমিকক লৈ ৰেলগাড়ীখন উপস্থিত হয় ধুবুৰী ৰেল ষ্টেচনত । ধুবুৰীৰ ৰেল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে আটাই কেইজন শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা আৰু স্ক্ৰীনিং কৰাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসন আৰু স্বাস্থ্যবিভাগে ।

ধুবুৰীত 366 জন যাত্ৰী উপস্থিত বিশেষ ৰেল যোগে
ধুবুৰীত 366 জন যাত্ৰী উপস্থিত বিশেষ ৰেল যোগে

তাৰ পিছতেই জিলা প্ৰশাসনৰ ফালৰ পৰা বিশেষ বাছেৰে শ্ৰমিককেইজনক লৈ যোৱা হয় কোৱাৰেন্টাইন কেন্দ্ৰলৈ ৷ ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা জাহাজ ঘাট কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে শ্ৰমিককেইজনক ৷

লগতে পঢ়কঃ গোৰেশ্বৰৰ নিজকোছুলাত বান পৰিস্থিতি তথা খহনীয়া পৰিদৰ্শন মন্ত্ৰী ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

...view details