পূৱ বিলাসীপাৰা,২৩ ডিচেম্বৰ: পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষী চকীৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত্বত থকা কাজিপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ ঘৰৰ গৰাকী মোকতাৰ জামানে তেওঁৰ পৰিয়ালৰ সদস্য সকলকলৈ ভাগিনীয়েকৰ বিয়া খাবলৈ বঙাইগাঁৱলৈ যোৱাত ঘৰৰ দৰ্জা-খিৰিকি ভাঙি চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷
পূৱ বিলাসীপাৰাৰ কাজিপাৰা গাঁৱত চাঞ্চল্যকৰ চুৰি কাণ্ড - Sensational theft
ধুবুৰীৰ বিলাসীপাৰাত চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ ঘৰৰ দৰ্জা-খিৰিকি ভাঙি চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে
![পূৱ বিলাসীপাৰাৰ কাজিপাৰা গাঁৱত চাঞ্চল্যকৰ চুৰি কাণ্ড Sensational theft in The Village of Kajipara in East bilashipara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9974929-369-9974929-1608697474421.jpg)
পূৱ বিলাসীপাৰাৰ কাজিপাৰা গাঁৱত চাঞ্চল্যকৰ চুৰি কাণ্ড
পূৱ বিলাসীপাৰাৰ কাজিপাৰা গাঁৱত চাঞ্চল্যকৰ চুৰি কাণ্ড
উল্লেখ্য যে,ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে নগদ দুই লাখ ষাঠি হাজাৰ টকাৰ লগতে সোনৰ আ-অলংকাৰসহ মুঠ ১১ লাখ টকাৰ সা-সামগ্ৰী লুটি নিয়ে ৷ বিয়া ঘৰৰ পৰা উভতি আহি দৰ্জা-খিৰিকী ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি চুৰিকাণ্ড হোৱা বুলি গম পাই,চাপৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷