ধুবুৰী,১ ছেপ্টেম্বৰ :জটিল ৰোগত আক্ৰান্ত ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমান (Journalist Parvezur Rahman suffers from critical illness)। জটিল ৰোগত আক্ৰান্ত সাংবাদিকগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICUত ভৰ্তি (Journalist Parvezur Rahman admitted in GMCH)। প্ৰায় দুসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছে সাংবাদিকগৰাকী ।
বৰ্তমানেও সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱা নাই । সেয়ে তেওঁৰ উন্নত চিকিৎসাৰ প্ৰয়োজন বুলি চিকিৎসকে জানিবলৈ দিছে । সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন । কিন্তু সাংবাদিকগৰাকীৰ পৰিয়ালৰ হাতত নাই পৰ্যাপ্ত ধন ।
আৰ্থিক সংকটত পৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পৰিয়াল (Financial need of Parvezur Rahman)। অসমৰ এটা ব্যক্তিগত নিউজ চেনেলত কৰ্মৰত সাংবাদিকগৰাকীক বিভিন্নজনে সহায় কৰিছে যদিও সেয়া যথেষ্ট নহয় । সেয়ে সাংবাদিকগৰাকীক কিছু সহায়ৰ প্ৰয়োজন ।
সাংবাদিকগৰাকী যাতে পুনৰ সুস্থ হৈ উঠিব পাৰে সেয়ে পৰিয়ালে ৰাইজৰ সহায় বিচাৰিছে । হৃদয়ৱান লোকে সামৰ্থ অনুযায়ী সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব পাৰে ।
সাংবাদিকগৰাকীৰ বেংক একাউণ্টৰ সবিশেষ :