ধুবুৰী,16 ডিচেম্বৰঃধুবুৰীত সংবাদ জগতত শোকৰ ছাঁ ৷ ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক চাজাহান আহমেদৰ মৃত্যু ৷ সোমবাৰে বিয়লি তিনি বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত আহমেদ এক সপ্তাহ পূৰ্বে হঠাৎ হৃদক্ৰিয়া বন্ধ হোৱাৰ বাবে ভৰ্তি কৰোৱা হৈছিল জি আন এৰ চিত ৷
উল্লেখ্য যে, প্ৰাগ নিউজ আৰু অসমীয়া প্ৰতিদিন কাকতৰ ধুবুৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল চাজাহান আহমেদ ৷ 1995 চনত অসমীয়া প্ৰতিদিন কাকতৰ জৰিয়তে সংবাদ মাধ্যমত ভৰি দিছিল আহমেদে ৷ সাংবাদিকাতাৰ লগতে জ্যেষ্ঠ অধিবক্তা হিচাপেও কৰ্মৰত আছিল চাজাহান আহমেদ ৷ 46 বৰ্ষীয় সাংবাদিকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায় ৷