ধুবুৰী,7 জুলাই: ৰাজ্যজুৰি ইছলাম ধৰ্মীয় পাঁচ জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান কৰাক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যপক উৎসাহ উদ্দীপনা দেখা গৈছে । ইয়াৰ মাজতে ধুবুৰীত বৃহস্পতিবাৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ উদ্যোগত বিজয় উল্লাস পালন কৰা পৰিলক্ষিত হয় ৷
অসম চৰকাৰ ধন্যবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধ্বনি দিয়াৰ বিপৰীতে ৰাজপথত ফটকা ফুটাই, দেশী গীত গাই বিজয় উল্লাস পালন কৰে ৷ চৰকাৰৰ এনে পদক্ষেপক শলাগ লোৱাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সংসদৰ কেন্দ্ৰীয় সভাপতি তথা জ্যেষ্ঠ অধিবক্তা এম এনামূল হকে কয় যে, এই সিদ্ধান্ত ঐতিহাসিক আৰু যুগান্তকাৰী ৷ আমি বিজেপিক আন্তৰিক ধন্যবাদ জনাইছো ৷ পশ্চিমবংগৰ দৰে আমাকো অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যদাৰে সংৰক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছো (reservation of five Muslim communities with status of OBC) ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ (Himanta Biswa Sarma govt) অহাৰ পৰা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে সকলো কৰিছে ৷