অসম

assam

By

Published : Sep 1, 2021, 10:56 AM IST

ETV Bharat / state

ধুবুৰীত মহিলাৰ বাবে আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ

যিকোনো অপৰাধজনিত ঘটনাৰে সাহসেৰে মোকাবিলা কৰিবলৈ নিজকে সাজু কৰি তুলিছে ধুবুৰীৰ যুৱতীসকলে । জিলাখনৰ মহিলাসকলক প্ৰশিক্ষণ দিয়া হৈছে আত্মৰক্ষাৰ । মহিলাসকলৰ বাবে আয়োজিত পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত ৷

Self Defence workshop in Dhubri
ধুবুৰীত মহিলাৰ বাবে আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ

ধুবুৰী, ১ ছেপ্তেম্বৰ: মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ দৰে আন কোনো যুৱতী যাতে পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱতিবলগীয়া নহয়, তাৰ বাবে নিজকে শক্তিশালী কৰাৰ সংকল্প লৈছে ধুবুৰীৰ যুৱতীসকলে । এই উদ্দেশ্যেৰে ধুবুৰীৰ আৰক্ষী ছাউনীত পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয় । ধুবুৰী আৰক্ষী প্ৰশাসনৰ সহযোগত ধুবুৰীৰ তানিছা চক্ৰৱৰ্তী নামৰ এজনী ছাত্ৰীৰ নেতৃত্বত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচীত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ অৰ্ধ শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ৰাজ্যিক পৰ্যায়ত সোণৰ পদক অৰ্জন কৰা দীপা তাৰপদাৰে প্ৰশিক্ষণ দিয়ে ছাত্ৰীসকলক । দুৰ্বৃত্ত তথা নিৰ্যাতনকাৰীৰ কবলৰ পৰা কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰি তাৰ বাবে কেতবোৰ কৌশল শিকোৱা হয় ছাত্ৰীসকলক । একাংশ ছাত্ৰীয়ে বিভিন্ন সময়ত সন্মুখীন হৈ অহা ভয়ংকৰ বাস্তৱ কাহিনীৰ বিষয়ে সদৰী কৰাৰ লগতে প্ৰশিক্ষণ লোৱাৰ পিছত তেনে নির্যাতনকাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি মন্তব্য কৰে । নিৰপত্তাহীনতাত ভূগি থকাৰ বাবেই এতিয়া প্ৰশিক্ষণ লৈ আত্মৰক্ষাৰ সংকল্প লৈছে যুৱতীসকলে ।

ধুবুৰীত মহিলাৰ বাবে আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ

যুৱতী বা কিশোৰীসকলৰ লগত হোৱা নিৰ্যাতন নীৰৱে সহ্য কৰাৰ পৰিৱৰ্তে এনে ঘটনাৰ বিৰোধিতা কৰিবলৈ সকলোকে আহ্বান জনায় প্ৰশাসনে । এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক অভিজিৎ গুৰৱ ।

উক্ত কাৰ্যসূচীত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ মৃত্যু হোৱা নন্দিতা শইকীয়াৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে অনুষ্ঠানত উপস্থিত সকলোৱে এক মিনিটৰ বাবে মৌন প্ৰাৰ্থনা জনায় । আনহাতে, সম্প্ৰতি ৰাজ্যখনত নাৰীৰ সৈতে সংঘটিত হোৱা অপৰাধজনিত ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে নাৰী সমাজ । সেয়ে, নাৰীৰ সুৰক্ষাৰ বিষয়টো অতি প্ৰাসংগিক হৈ পৰিছে ।

লগতে পঢ়ক: সাংবাদিক-সংবাদকৰ্মীক গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

ABOUT THE AUTHOR

...view details