অসম

assam

ETV Bharat / state

বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায় - সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মী

বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায় ৷ সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে জব্দ কৰে দুখনকৈ অবৈধভাবে শিল বালি কঢ়িওৱা বাহন ৷

seized illegal sand gravel at bilashipara
বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায়

By

Published : Feb 4, 2020, 8:17 PM IST

পশ্চিম বিলাসীপাৰা, 4 ফেব্ৰুৱাৰী :বিলাসীপাৰাত চালান বিহীন ভাৱে টিপকাই নৈৰ শিল বালিৰ চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ টিপকাই নৈৰ শিল বালিৰ চোৰাং ব্যৱসায় দীৰ্ঘদিনীয়াকৈ চলাই অহাৰ অভিযোগ উত্থাপনৰ পাছতেই বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে চলায় এক অভিযান ৷ সোমবাৰে চলোৱা অভিযানত ৰাণীগঞ্জ বজাৰৰ সমীপত অবৈধভাৱে শিল আৰু বালি কঢ়িওৱা দুখন বলেৰ' পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিষয়াৰ উপস্থিতিৰ উমান পাই চোৰাং শিল বালি কঢ়িওৱা বাহন দুখনৰ চালক পলাই যাবলৈ সক্ষম হয় যদিও AS ১৭ B ৬৭২৭ নম্বৰৰ শিল ভৰ্তি বলেৰ' পিকআপৰ লগতে AS ০১ AC ৬১২৩ নম্বৰ বালি ভৰ্তি বলেৰ' পিকআপখন জব্দ কৰে বন বিষয়াই ৷ বাহন দুখনৰ গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাপটগ্ৰাম বন কাৰ্যালয়ৰ বন বিষয়াই মন্তব্য কৰে ৷

বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায়

ABOUT THE AUTHOR

...view details