অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ সুযোগ লৈ আৰম্ভ হৈছে পশুধনৰ বিশাল ছিণ্ডিকেট ! - ৰমৰমীয়া বেহা

পুনৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰম্ভ হৈছে গৰুৰ ছিণ্ডিকেট ৷ প্ৰাপ্ত তথ্য অনুসৰি নিৰ্বাচনৰ সুযোগ লৈ একাংশ চোৰাং বেপাৰীয়ে চলাইছে এই অবৈধ ৰমৰমীয়া বেহা ।

নিৰ্বাচনৰ সুযোগ লৈ আৰম্ভ হৈছে গৰু বিশাল চিণ্ডিকেট
নিৰ্বাচনৰ সুযোগ লৈ আৰম্ভ হৈছে গৰু বিশাল চিণ্ডিকেট

By

Published : Mar 20, 2021, 9:06 PM IST

পশ্চিম বিলাসীপাৰা,20 মাৰ্চ:পুনৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰম্ভ হৈছে গৰুৰ ছিণ্ডিকেট ৷ প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্বাচনৰ সুযোগ লৈ একাংশ চোৰাং বেপাৰীয়ে চলাইছে এই অবৈধ ৰমৰমীয়া বেহা ।

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জিলা ধুবুৰীত অব্যাহত আছে এই গৰুৰ চোৰাং বেহা । তাৰেই সত্যতা আজি বিলাসীপাৰাত পৰিলক্ষিত হ’ল । বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়া আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এক অভিযানত ৩৮ টাকৈ চোৰাং গৰু জব্দ কৰা হয় ।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, এক গোপন সূত্ৰৰ পম খেদি বিষয়া দুজনৰ নেতৃত্বত মহকুমাটোৰ নয়াহাট আৰক্ষী চকীৰ ডুবাচুৰীৰ টিপকাই নৈৰ সমীপত বেপাৰীয়ে লৈ যোৱা অৱস্থাত ১৬ টাকৈ চোৰাং গৰু জব্দ কৰা হয় । তেনেদৰে বিলাসীপাৰাৰ গুটিপাৰাৰ গৌৰাং নৈৰ সমীপৰ ২২ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । এইদৰে চৰ অঞ্চলৰ নদীপথেৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ প্ৰত্যেক দিনে হাজাৰ হাজাৰ গৰু ৰপ্তানি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: 5 টা গেৰাণ্টিৰে ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছে

ABOUT THE AUTHOR

...view details