অসম

assam

Scooty distribution in Dhubri: ধুবুৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰিলে স্কুটী

By

Published : Dec 13, 2022, 10:40 PM IST

ধুবুৰীত মঙলবাৰে প্ৰদান কৰা হ’ল ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah in Dhubri )

Scooty distribution in Dhubri
ধুবুৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰিলে স্কুটী

ধুবুৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰিলে স্কুটী

ধুবুৰী, 13 ডিচেম্বৰ: 'সমাজৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম নকৰিলে শিক্ষাৰ আনুষ্ঠানিক ডিগ্ৰী, চাকৰিৰ কোনো মূল্য নাথাকে ৷ কেৱল মাক-দেউতাকৰ ধনেৰে কোনো শিক্ষিত হোৱা নাই ৷ এজন শিক্ষাৰ্থীক শিক্ষিত কৰাত চৰকাৰে খৰচ কৰা ধন আহে ৰিক্সাচালক, শ্ৰমিককে ধৰি সমাজৰ সকলো স্তৰৰ লোকে দিয়া কৰ-কাটলৰ পৰা ৷ গতিকে সমাজৰ পিছপৰা লোকসকলৰ প্ৰতি শিক্ষিতসকলৰ দায়িত্ব আছে ৷ কৃতিত্বৰে উত্তীৰ্ণ হৈ বঁটা লাভ কৰা শিক্ষাৰ্থীসকলে সমাজৰ প্ৰতি বৰঙণি যোগাব বুলি আমি আশা ৰাখিছো ৷' ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত আজি অনুষ্ঠিত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত এই বক্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Minister Jayanta Malla Baruah in Dhubri) ৷

ধুবুৰী জিলা আৰু দক্ষিণ শালমৰা-মানকাচাৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন, কৌশল বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ তেওঁ ধুবুৰী জিলাৰ পাছপৰা অঞ্চলসমূহত জন্ম নিয়ন্ত্ৰণকে ধৰি বিভিন্ন বিষয়ত সজাগতা সৃষ্টিত আগ ভাগ ল'বলৈ ভোলানাথ মহাবিদ্যালয় সহিতে ধুবুৰীৰ সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানলৈ আহ্বান জনায় ৷ ভোলানাথ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ৷

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকললৈ ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত একোখনকৈ স্কুটী প্ৰদান কৰা হৈছে ৷ ধুবুৰী জিলাৰ মুঠ ৮৮৬ গৰাকী শিক্ষাৰ্থী এই বঁটাৰ বাবে যোগ্য বিবেচিত হৈছে ৷ ইয়াৰে ৭১৯ গৰাকী ছাত্ৰ আৰু ১৬৭ গৰাকী ছাত্ৰী ৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩১২ গৰাকী ছাত্ৰী আৰু ১৫ গৰাকী ছাত্ৰসহ মুঠ ৩২৭ গৰীক শিক্ষাৰ্থী বঁটাৰ বাবে যোগ্য বিবেচিত হৈছে ৷

তেওঁলোকৰ মাজৰে ধুবুৰী জিলাৰ ১০ গৰাকী আৰু দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ ৩ গৰাকীসহ মুঠ ১৩ গৰাকী ছাত্ৰীক আজি আনুষ্ঠানিকভাৱে মন্ত্ৰীগৰাকীয়ে স্কুটী বিতৰণ কৰে (Scooty distribution in Dhubri)৷ আজিৰ অনুষ্ঠানত ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ (DC OF Dhubri), গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক বছিৰ আহমেদ কাছিমি, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা উপস্থিত থাকে ৷

অসম ৰাজ্যিক বেচা কিনা নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংঘী, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি, ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ সহিতে শিক্ষক-শিক্ষয়িত্ৰীসকল, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল আৰু বঁটা প্ৰাপক শিক্ষাৰ্থীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Bilkis Bano rape case: বিলকিছ বানু গোচৰৰ শুনানি গ্ৰহণৰ পৰা বিৰত থাকিল মহিলা ন্যায়াধীশ

ABOUT THE AUTHOR

...view details