ধুবুৰী, 2 নৱেম্বৰ : দীৰ্ঘ বিৰতিৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে ধুবুৰী জিলাতো আৰম্ভ হৈছে পাঠদান ৷ যদিও কিছুদিন পূৰ্বে ক'ভিড প্ৰট'কলৰ মাজেৰে নৱম শ্ৰেণীৰ পৰা পাঠদান আৰম্ভ কৰা হৈছিল ৷ কিন্তু বন্ধ হৈ আছিল নিম্ন আৰু মাধ্যমিক শ্ৰেণীৰ পাঠদান ৷
ধুবুৰীত ক'ভিড প্ৰট'কলৰ মাজেৰে আৰম্ভ বিদ্যালয়ৰ পাঠদান - schools are restart
অৱশেষত সোমবাৰৰ পৰা আৰম্ভ হ'ল ষষ্ঠ শ্ৰেণীৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ পাঠদান প্ৰক্ৰিয়া ৷ ধুবুৰীতো দেখিবলৈ পোৱা গ'ল ক'ভিড প্ৰট'কলৰ মাজেৰে চলা পাঠদান প্ৰক্ৰিয়া ৷
অৱশেষত সোমবাৰৰ পৰা আৰম্ভ হ'ল ষষ্ঠ শ্ৰেণীৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ পাঠদান প্ৰক্ৰিয়া ৷ চৰকাৰে জাৰি কৰা ক'ভিড প্ৰট'কল মানি আৰম্ভ কৰা হৈছে বিদ্যালয়সমূহৰ পাঠদান ৷ ধুবুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মুখত মাস্ক পৰিধান কৰাৰ লগতে, হাত চেনিটাইজ কৰি শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ ইয়াৰোপৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি পাঠদান কৰাও দেখিবলৈ পোৱা গ'ল বিদ্যালয় খনত ৷ বিদ্যালয় খনত ক'ভিড প্ৰট'কল মানি চলাৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে অধ্যক্ষা ছৈয়দা নাজমা বেগমে ৷ অৱশ্যে বিদ্যালয় আৰম্ভ হোৱাৰ প্ৰথমটো দিনত শিক্ষাৰ্থীৰ সেৰেঙা উপস্থিতি দেখিবলৈ পোৱা গ'ল বিদ্যালয় খনত ৷
লগতে পঢ়ক:পঞ্জাৱ আৰু ছত্তিশগড়ৰ পিচত ৰাজস্থানতো উত্থাপন কৃষি আইন বিৰোধী বিধেয়ক