বিলাসীপাৰা, ২৭ অক্টোবৰ : কৃষক ৰাইজক ঠগিছে ৰাজ্যৰ কৃষি বিভাগে । কৃষকসকলক ধানৰ বীজ যোগানৰ নামত চলাইছে ৰাম ঠগন । এই অভিযোগ একাংশ কৃষকৰ ৷ তথ্য অনুসৰি, Hyderabad JK Seed 3333 হাইব্ৰীড ধানৰ কোম্পানীয়ে Assam Seeds Corporation Ltd ৰ সহায়ত ৰাজ্যৰ কৃষকসকলক যোগান ধৰিছিল শালি ধানৰ বীজ । এতিয়া উক্ত কোম্পানীৰ বিধান ৰুই বিপদত পৰিছে ৰাজ্যৰ কৃষক ৰাইজে । ধানৰ সলনি বিঘাই বিঘাই শালি ধানৰ খেতিত পতান ওলোৱাত দুখীয়া কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাত কৃষি বিভাগত সংঘটিত হৈছে এই আজৱ ঘটনাটো । Hyderabad JK Seed 3333 হাইব্ৰীড ধানৰ কোম্পানীয়ে Assam Seeds Corporation Ltd ৰ সহায়ত ৰাজ্যৰ কৃষকসকলক যোগান ধৰা শালি ধানৰ বীজ কৃষকসকলে ৰোপণ কৰি বিপদত পৰিছে ৷ বিঘাই বিঘাই ধানৰ সলনি পতান ওলোৱাত দুখীয়া কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে ।
চিৰাকুটা গাঁও পঞ্চায়তৰ অন্তৰ্গত যমদুৱা প্ৰথম খণ্ড গাঁৱত ধাননি পথাৰত ধানৰ সলনি পতান ওলোৱাত দুখীয়া কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত কৃষক ৰাইজে কৃষি বিভাগৰ পৰা উচিত ক্ষতিপূৰণ বিচাৰিছে । কৃষি বিভাগৰ পৰা চৰকাৰে খেতিৰ বাবে শালি ধানৰ বীজ যোগান ধৰিছিল ।