পূৱ বিলাসীপাৰা, 12 জুন : ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ হাতীপোতা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, 2020-21 বৰ্ষৰ শিলডাঙা, যোগীপাৰা গাঁৱত পথ নিৰ্মাণৰ বাবে এনৰেগা (MGNERGA)ৰ অধীনত আৱণ্টিত হৈছিল প্ৰায় 10 লাখ টকা ৷ কিন্তু উক্ত পথটো নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
অভিযোগ অনুসৰি পথটোত 3 ফুট মাটি পেলাব লাগিছিল আৰু 600 মিটাৰ ৰাষ্টাৰ কাম হ'ব লাগিছিল ৷ কিন্তু তাকে নকৰি নামমাত্ৰ মাটি পেলাই তথা কাম আধাতে সামৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত সচিব, কনিষ্ঠ অভিযন্তা, জি আৰ এচ আৰু মেম্বাৰৰ বিৰুদ্ধে ৷ লগতে জবকাৰ্ডৰ নামতো ব্যাপক খেলি-মেলিৰ অভিযোগ ৰাইজৰ ৷ জবকাৰ্ডৰ শ্ৰমিকৰ বিপৰীতে টেক্টৰ, ডাম্পাৰেৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷