অসম

assam

ETV Bharat / state

Scam in Dhubri Zila Parishad : ধুবুৰী জিলা পৰিষদৰ সভাপতিসহ তিনিজনৰ বিৰুদ্ধে গোচৰ - FIR against Dhubri Zila Parishad Chairman

ধুবুৰী জিলা পৰিষদত চলিছে চৰম অৰাজকতা । যোগসূত্ৰ নাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সভাপতিসহ আন কৰ্মচাৰীৰ । বিভিন্ন আঁচনিৰ কাম আৰু চৰকাৰী পুঁজিৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ (scam allegation against Dhubri Zila Parishad) । উঠিছে বিত্তীয় খেলিমেলিৰ অভিযোগ । কনিষ্ঠ সহায়কে সভাপতিসহ তিনিজনৰ বিৰুদ্ধে তৰিছে গোচৰ । তাৰ পিছতেই জিলা পৰিষদৰ সভাপতিয়ে সংবাদমেল সম্বোধন কৰি উত্থাপন কৰে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ ।

Dhubri
Dhubri

By

Published : Mar 8, 2023, 4:51 PM IST

ধুবুৰী, ৮ মাৰ্চ : কি চলিছে ধুবুৰী জিলা পৰিষদত । চৰম অৰাজকতাই গ্ৰাস কৰিছে ধুবুৰী জিলা পৰিষদ (extreme anarchy in Dhubri Zilla Parishad) । যিয়ে যেনেকৈ পাৰে বিভিন্ন চৰকাৰী পুঁজি আৰু আঁচনিৰ ধন হৰলুকিৰ চেষ্টা চলাই গৈছে । সেয়া মুখ্য কাৰ্যবাহী বিষয়াই হওক বা সভাপতি অথবা আন কৰ্মচাৰীয়েই হওক । এজনে আনজনৰ বিৰুদ্ধে আনিছে অভিযোগ-প্ৰতি অভিযোগ (scam allegation against Dhubri Zila Parishad) ।

শেহতীয়াকৈ চৰকাৰী পুঁজি আৰু বিভিন্ন কাম-কাজত হোৱা ব্যাপক খেলিমেলিৰ অভিযোগত সভাপতি আশ্বাদুল ৰহমান, প্ৰাক্তন জিলা পৰিষদৰ সদস্য আব্দুৰ ৰেজ্জাক আৰু এজন কৰ্মচাৰীসহ তিনিজনৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা হয় এখন এজাহাৰ (FIR against Dhubri Zila Parishad Chairman) । গাড়ীত ব্যৱহাৰ কৰা চৰকাৰী তেল, নিবিদা বাকচৰ জালিয়াতিকে আদি কৰি বহু অভিযোগ সভাপতিসহ আন তিনিজনৰ বিৰুদ্ধে । ইতিমধ্যে কনিষ্ঠ সহায়ক নিপন ৰায়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

কিন্তু তেনে সময়তে জিলা পৰিষদৰ সভাপতি আশ্বাদুল ৰহমানে জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুৰ ৰেজ্জাকক লগত লৈ এখন সংবাদমেল সম্বোধন কৰি জিলা পৰিষদত চলি থকা চৰম অৰাজকতা আৰু খেলিমেলিৰ কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে (scam in govt fund in Dhubri Zila Parishad) । নিয়মমতে জিলা পৰিষদৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ নামত এটা যুটীয়া একাউণ্ট খুলিব লাগে যদিও আজিলৈকে এই যুটীয়া একাউণ্ট নুখুলি কেৱল মুখ্য কাৰ্যবাহী বিষয়াৰ নামত একাউণ্ট খোলা হৈছে ।

আনকি জিলা পৰিষদৰ সভাপতিক অন্ধকাৰত ৰাখি মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু নিপন ৰায়সহ একাংশই সকলো কাম নিজ ইচ্ছামতেই কৰি যোৱা বুলি অভিযোগ উত্থাপন কৰে সভাপতি আশ্বাদুল ৰহমানে । আনকি জিলা পৰিষদত যাৱতীয় কাম-কাজ আৰু চৰকাৰী পুঁজিৰ হিচাপ-নিকাচ বিচৰাৰ পিছতেই সভাপতিৰ বিৰুদ্ধে কনিষ্ঠ সহায়ক নিপন ৰায়ে দাখিল কৰে এজাহাৰ । এতিয়া হিচাপ-নিকাচ বিচৰাৰ বাবেই এনে গোচৰ তৰা হৈছে বুলি সংবাদমেলত দাবী কৰাৰ বিপৰীতে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে সভাপতি আশ্বাদুল ৰহমানে ।

লগতে পঢ়ক :Beneficiary Schemes of Govt of Assam: হিতাধিকাৰী আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ গৈ সমস্যাত পৰিছে অসম চৰকাৰ

ABOUT THE AUTHOR

...view details