অসম

assam

By

Published : Dec 25, 2020, 9:07 PM IST

ETV Bharat / state

মোগল আৰু অসুৰৰ বিৰুদ্ধে ধুবুৰীত যুদ্ধ ঘোষণা সত্যৰঞ্জন বৰাৰ

সত্যৰঞ্জন বৰাই সংবাদমেলত ধুবুৰীৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ।

SATYARANJAN BORAH PRESS MEET AT DHUBURI
মোগল আৰু অসুৰৰ বিৰুদ্ধে ধুবুৰীত যুদ্ধ ঘোষণা সত্যৰঞ্জন বৰাৰ

ধুবুৰী, 25 ডিচেম্বৰ : সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সভ্যতা সংস্কৃতিৰ যুঁজত নমাৰ সময়তে নামনি অসম ভ্ৰমণ কৰিবলৈ অহা হিন্দুত্ববাদী বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই ঘোষণা কৰিছে মোগল আৰু অসুৰৰ বিৰুদ্ধে যুদ্ধ । শুকুৰবাৰে ধুবুৰীত এখন সংবাদমেলত বৰাই এই ঘোষণা কৰাৰ লগতে কেইবাটাও বিতৰ্কিত মন্তব্য কৰে ।

মোগল আৰু অসুৰৰ বিৰুদ্ধে ধুবুৰীত যুদ্ধ ঘোষণা সত্যৰঞ্জন বৰাৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে মানকাচাৰ ভ্ৰমণ কৰি নিশা ধুবুৰীত উপস্থিত হয় বিতৰ্কৰ শীৰ্ষত থকা নেতা সত্যৰঞ্জন বৰা । পুৱা ধুবুৰীৰ কালীবাৰীৰ পৰা শিখ ধৰ্মাৱলম্বীৰ ঐতিহাসিক গুৰুদ্বাৰ আৰু নেতাই ধুৱনী ঘাট পৰিদৰ্শন কৰি কালিবাৰীত পূজা অৰ্পণ কৰে বৰাই । পূজাৰ পাছতেই কালিবাৰীত এখন সংবাদমেল আয়োজন কৰি বৰাই হিন্দুসকলৰ মাজত জাগৰণৰ বাবে এই ভ্ৰমণ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে ৷ তেওঁ পূৰ্বৰ দৰেই এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে বহু বিতৰ্কিত মন্তব্য কৰি কয়, "ধুবুৰীত মই পুৱাই শুই উঠি আজানৰ শব্দ শুনিছো, যি সংবিধানৰ পৰিপন্থী ।"

মোগল আৰু অসুৰৰ বিৰুদ্ধে ধুবুৰীত যুদ্ধ ঘোষণা সত্যৰঞ্জন বৰাৰ

বৰাই সংবাদমেলত নাম উচ্চাৰণ নকৰাকৈ আজমলক টাৰ্গেট কৰি কয় যে, ধুবুৰীত এনে কিছুমান মানুহ আছে যাৰ অনুষ্ঠানত সন্ত্ৰাসবাদীৰ পৰা ধন আহে আৰু জেহাদী কাৰ্যকলাপ, মৌলবাদী কাৰ্যকলাপ অনুষ্ঠিত হয় । আনহাতে, সমাগত বিধানসভা নিৰ্বাচনত বৰাই প্ৰতিদ্বন্দিতা আগবঢ়াব নেকি বুলি কৰা প্ৰশ্নোত্তৰত হিন্দুত্ববাদী নেতাগৰাকীয়ে ধুবুৰীৰ পৰা নিৰ্বাচন খেলিব পাৰো বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :মৰাণত শনিবাৰৰ পৰা অনুষ্ঠিত হ'ব টাইপাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

ABOUT THE AUTHOR

...view details