অসম

assam

ETV Bharat / state

খহি পৰিল ৰামৰাইকুটী সত্ৰৰ গুৰুগৃহৰ ছাদ

ভাৰত বাংলা সীমান্তৰ সত্ৰশালত অঘটন ৷ খহি পৰিল ৰামৰাইকুটী সত্ৰৰ গুৰুগৃহৰ ছাদ ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল ভকতৰ ৷ সত্ৰৰ নিৰ্মাণ সমিতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সত্ৰ মহাসভা তথা সত্ৰীয়া সমাজ ৷ আঠ বছৰে সম্পন্ন নহ'ল আবন্টিত ধনৰ কাম ৷

By

Published : Jul 30, 2019, 7:04 PM IST

Updated : Jul 30, 2019, 7:27 PM IST

খহি পৰিল ৰামৰাইকুঠী সত্ৰৰ গুৰুগৃহৰ ছাদ

ধুবুৰী, 30জুলাইঃ ধুবুৰী জিলা প্ৰশাসনৰ চৰম হেমাহিৰ বাবে জহি খহি গৈছে ঐতিহাসিক শ্ৰী শ্ৰী ধাম ৰামৰাইকুটী সত্ৰ ৷ পোন্ধৰশ শতিকাতে শ্ৰীমন্ত শংকৰ দেৱে স্থাপন কৰা সত্ৰখনৰ দীৰ্ঘদিন ধৰি গুৰু মন্দিৰৰ ছাদ ফুটা হৈ পানী পৰি আছিল ৷ কিন্তু সোমবাৰে হঠাৎ ভাগি পৰে মন্দিৰৰ ছাদৰ কিছু অংশ ৷ অৱশ্যে দৈৱক্ৰমে ৰক্ষা পৰে তাত উপস্থিত থকা ভকত-বৈষ্ণৱসকল ৷ উল্লেখ্য যে ২০১১ চনতে সত্ৰৰ কাৰণে ৰাজ্য চৰকাৰে আবন্টন দিছিল এক কোটি ছয়ত্ৰিশ লাখ টকা ৷ ইপিনে উক্ত ধন ৰাশিৰ মাত্ৰ ত্ৰিশ শতাংশ কামহে সম্পন্ন হয় বিগত আঠ বছৰত ৷ আনহাতে এই সন্দৰ্ভত অৱগত কৰোৱাৰ বাবে সত্ৰখনৰ নিৰ্মাণ কমিটিৰ সভাপতি তথা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ তাঁতবাতি কৰি হতাশ হৈ পৰে সত্ৰখনৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী | ইয়াৰ পাচতেই এতিয়া সত্ৰৰ নিৰ্মাণ সমিতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সত্ৰ মহাসভা তথা সত্ৰীয়া সমাজ |

খহি পৰিল ৰামৰাইকুঠী সত্ৰৰ গুৰুগৃহৰ ছাদ
Last Updated : Jul 30, 2019, 7:27 PM IST

ABOUT THE AUTHOR

...view details