অসম

assam

ETV Bharat / state

Satradhikar Lakhikanta Mahanta Passed away: মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ দেহাৱসান

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ শেষ নিশ্বাস ত্যাগ (Satradhikar Lakhikanta Mahanta) ৷ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুঢ়া সত্ৰাধিকাৰগৰাকীৰ ৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি বিগত দুমাহৰ পৰা চিকিৎসাধীন হৈ আছিল লক্ষ্মীকান্ত মহন্ত ৷

By

Published : Mar 8, 2023, 10:41 PM IST

Satradhikar Lakhikanta Mahanta Passed away
মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ দেহাৱসান

ধুবুৰী, 8 মাৰ্চ: পশ্চিমবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ দেহাৱসান ৷ বুধবাৰে বিয়লি 5 বাজি 30 মিনিটত কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে সত্ৰাধিকাৰগৰাকীয়ে । 74 বছৰ বয়সত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ ৷ সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অসম তথা পশ্চিমবংগ (Satradhikar Lakhikanta Mahanta Passed away)।

উল্লেখ্য যে, প্ৰয়াত লক্ষ্মীকান্ত মহন্তই 2001 চনৰ পৰা 2012 চনলৈ 11 বছৰ ডেকা সত্ৰাধিকাৰ আৰু 2012 চনৰ পৰা 2021 চনলৈ সুদীৰ্ঘ 9 বছৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰৰ দ্বায়িত্বত আছিল । 2001 চনৰ পৰা 2021 চনলৈ দীর্ঘ বছৰে ডেকাৰ পৰা বুঢ়া সত্ৰাধিকাৰ হিচাপে দায়িত্ব পালন কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি-আদৰ্শ আৰু অনুপম সৃষ্টিৰাজিক পশ্চিমবংগৰ বিভিন্ন অঞ্চলত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত মৃত্যুৰ আগ মূহুৰ্তলৈকে জড়িত হৈ আছিল ৷

প্ৰায় 8 বছৰ ধৰি বৃক্ক আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা সত্ৰাধিকাৰগৰাকী যোৱা প্ৰায় দুমাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ মধুপুৰ সত্ৰ সমিতিৰ সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, সাধাৰণ সম্পাদক কুমাৰ দীপক দাস, অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক তথা মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

এক শোক বাৰ্তাত কয়, ‘‘সত্ৰাধিকাৰগৰাকীৰ মৃত্যুয়ে মধুপুৰ সত্ৰৰ ধৰ্মীয় তথা আধ্যাত্মিক পৰিৱেশত জৰিয়তে গুৰুজনাৰ আদৰ্শ আৰু এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত এক বিস্তৰ ক্ষতি সাধন হ'ল ৷’’

ইফালে মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে বুধবাৰে দৌল্লোৎসৱ চলি থকাৰ বাবে সত্ৰাধিকাৰগৰাকীৰ মৃতদেহ চিকিৎসালয়তে ৰাখি বৃহস্পতিবাৰে মধুপুৰ সত্ৰলৈ লৈ অহা হ'ব আৰু শুকুৰবাৰে সত্ৰাধিকাৰ গৰাকীৰ অন্ত্যেষ্টিক্রিয়া সত্ৰীয়া পৰম্পৰাৰে সম্পন্ন কৰা হ'ব ৷ সত্ৰাধিকাৰগৰাকীৰ শেষকৃত্য মধুপুৰ সত্ৰৰ তুৰ্ষা নৈৰ পাৰত কৰা হ’ব বুলি সদৰী কৰিছে সত্ৰৰ ডেকা আতৈ মাধৱদেৱ মহন্তই ৷

লগতে পঢ়ক:Silchar Saurashtra East West Corridor: শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ ভূমিপূজন সম্পন্ন

ABOUT THE AUTHOR

...view details