অসম

assam

প্ৰথম পৰ্যায়ৰ 47 খন আসনেই দখল কৰিম: মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Apr 2, 2021, 3:49 PM IST

প্ৰথম পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ 47 খন আসনৰ 47 খনতেই আমি জিকিম ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ
মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

পশ্চিম বিলাসীপাৰা, 2 এপ্ৰিল : 31 মাৰ্চৰ বিয়লি পূব আৰু পশ্চিম বিলাসীপাৰা সমষ্টিৰ শালকোচা আৰু গুটিৰপৰা হাইস্কুল প্ৰাংগনত আয়োজিত দুখনকৈ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আবু বক্কৰ ছিদ্দিক আৰু পূব বিলাসীপাৰাৰ শালকোচা সমষ্টিৰ বিধায়ক অশোক সিংহীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰাৰ্থী অশোক কুমাৰ সিংহীক সকলোকে আঁকোৱালি লবলৈ আহ্বান জনায়৷ বিলাসীপাৰাত ষ্টেডিয়াম আৰু উচ্চ শিক্ষাৰ বাবে কলেজ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে ৷

তেওঁ লগতে কয়, প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত কৃষক সকলক 5 হাজাৰকৈ টকা দিয়া হৈছিল, ইয়াৰ পৰিবৰ্তে এইবাৰ কৃষক সকলক দহ হাজাৰ টকাকৈ দিয়া হ'ব ৷ আগন্তুক পাঁচ বছৰৰ ভিতৰত দহ লাখ নিৱনুৱাক কৰ্ম সংস্থাপন দিয়া হ'ব ৷ আনহাতে, মহিলা সকলক অৰুণোদয় আঁচনিৰ অধীনত 830 টকাৰ পৰিবৰ্তে তিনি হাজাৰ টকাকৈ 30 লাখ টকা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংহীৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণভাবে কোনো এটা দল বা নেতাৰ বিৰুদ্ধে এটাও মাত মতা পৰিলক্ষিত নহ'ল ৷ আনফালে, পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আবু বক্কৰ ছিদ্দিকৰ হৈ গুটিৰপৰা হাইস্কুল প্ৰাংগনত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সোণোৱালে ৷

লগতে পঢ়ক :প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল

ABOUT THE AUTHOR

...view details