অসম

assam

ETV Bharat / state

কাঁইটীয়া তাঁৰৰ সিপাৰে গুৰু জনাৰ গুণানুকীৰ্তন - নো মেনচ লেণ্ড এলেকা

গুৰুজনাৰ 571 তম্ জন্ম জয়ন্তী উপলক্ষে ৰামৰায়কুঠী সত্ৰতো অনুষ্ঠিত হয় বিভিন্ন ধৰ্মীয় অনুষ্ঠান ৷ এই অনুষ্ঠানৰ অংশ হিচাপে বৃহস্পতিবাৰে উলিওৱা হয় ভাগৱত যাত্ৰা ৷ সত্ৰৰ চাৰিহাটী প্ৰদক্ষিণ কৰি ভাগৱত শোভাযাত্ৰাৰে ভক্তসকলে কাইটীয়া তাঁৰৰ ভিতৰৰ নো মেনচ লেণ্ড এলেকাত প্ৰৱেশ কৰে ৷

গুৰুজনাৰ 571 তম্ জন্ম জয়ন্তী

By

Published : Oct 10, 2019, 7:43 PM IST

হৰি নামৰ ধ্বনিৰে মুখৰিত ভাৰত-বাংলা সীমান্ত ৷ কাঁইটীয়া তাঁৰৰ সিপাৰে গুৰু জনাৰ গুণানুকীৰ্তন ৷ ভাৰত-বাংলা সীমান্তৰ সত্ৰশালত মহাপুৰুষ শংকৰ দেৱে স্থাপন কৰিছিল ৰামৰাই কুঠীৰ সত্ৰ ৷ এই সত্ৰতে গুৰুজনাৰ উপস্থিতিত কোঁচ ৰজা নৰনাৰায়ণৰ ভাতৃ বীৰ চিলাৰায় আৰু ৰাম ৰায় আতাৰ জীয়ৰীৰ বিবাহ সম্পন্ন হৈছিল ৷

গুৰুজনাৰ 571 তম্ জন্ম জয়ন্তী

গুৰুজনাৰ 571 তম্ জন্ম জয়ন্তী উপলক্ষে ৰামৰায়কুঠী সত্ৰতো অনুষ্ঠিত হয় বিভিন্ন ধৰ্মীয় অনুষ্ঠান ৷ এই অনুষ্ঠানৰ অংশ হিচাপে বৃহস্পতিবাৰে উলিওৱা হয় ভাগৱত যাত্ৰা ৷ সত্ৰৰ চাৰিহাটী প্ৰদক্ষিণ কৰি ভাগৱত শোভাযাত্ৰাৰে ভক্তসকলে কাইটীয়া তাঁৰৰ ভিতৰৰ নো মেনচ লেণ্ড এলেকাত প্ৰৱেশ কৰে ৷ তাতেই আছিল গুৰুজনাৰ নাওবন্ধা ঘাট ৷ ঘাটৰ এজোপা ঔটেঙা গছত গুৰুজনাই ভটিয়াই আহি নাও বান্ধিছিল বুলি প্ৰচলিত হৈ আহিছে৷ সেয়েহে গুৰুজনাৰ আবিৰ্ভাৱ তিথিত সিপাৰৰ নাও বন্ধা ঘাটত গৈ সেৱা আগবঢ়ায় ভকত বৈষ্ণৱে ৷ গুৰু জনাৰ জন্ম তিথি উপলক্ষে এইবেলিও ভকত-বৈষ্ণৱ সমন্নিতে ৰাইজে ভাগৱত ভ্ৰমণ কৰি মুখেমুখে হৰি নাম লৈ সেৱা আগবঢ়াই সত্ৰৰ লগতে নাওবন্ধা ঘাটত ।

ABOUT THE AUTHOR

...view details