ধুবুৰী,19 মাৰ্চঃমহামাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ ফলত আতংকিত জনতা । এনে সময়তে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ক্ৰমাৎ বৃদ্ধি পাইছে আতংক। ইপিনে এনে পৰিস্থিতিৰ মাজতে ধুবুৰীৰ বজাৰত হেণ্ড চেনিটাইজাৰৰ নাটনি হৈ পৰিছে। যাৰ ফলত ঐতিহাসিক ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত বিজ্ঞান বিভাগৰ লেৱৰেটৰীত চেনিটাইজাৰ প্ৰস্তুত কৰি থকা হৈছে। ইপিনে প্ৰস্তুত কৰা চেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰিবৰ এক ব্যৱস্থা কৰিছে ধুবুৰী ভোলানাথ মহাবিদ্যালয় কৰ্তৃপক্ষই। উল্লেখ্য যে,মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপে ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে ৷
ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ - ধুবুৰী ভোলানাথ মহাবিদ্যালয়
কৰ’ণা ভাইৰাছৰ আতংক বৃদ্ধি পাইছে সমগ্ৰ অসমত । এই সময়ত হেণ্ড চেনিটাইজাৰ বজাৰত নাটনি হৈ পৰাৰ ফলত শংকাত ভুগিছে ৰাজ্যবাসী ৷ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত কৰ’ণা ভাইৰাছৰ প্ৰতিৰক্ষাৰ বাবে ৰাইজৰ সুবিধাৰ্থে চেনিটাইজাৰ প্ৰস্তুত কৰা হয় ৷
![ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ ভোলানাথ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6463752-683-6463752-1584600169919.jpg)
ভোলানাথ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ
Last Updated : Mar 19, 2020, 12:36 PM IST